ৰিয়েলিটি শ্ব’ৰ মাধ্যমেৰে সংগম কৰাৰ ভংগীক লৈ আলোচনা, সেই সংক্ৰান্তীয় দৃশ্যত অভিনয় কৰা দেখুওৱা আৰু আপত্তিকৰ কথাবাৰ্তা৷ অশালীনতা বিয়পোৱাৰ অভিযোগ উঠিছে ‘অভাৰ দ্যা টপ প্লেটফৰ্ম উল্লুৰ এটা শ্ব’ৰ বিৰুদ্ধে৷ সেই শ্ব’ক লৈ ইতিমধ্যে দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক৷
অভিনেতা এজাজ খান সঞ্চালিত সেই বিতৰ্কিত ৰিয়েলিটি শ্ব’ৰ নাম হাউছ এৰেষ্ট৷ সেই ৰিয়েলিটি শ্ব’ৰ এটা ভাইৰেল ভিডিঅ’ক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে৷ ভাইৰেল সেই ভিডিঅ’ত দেখা গৈছে শ্ব’ত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলৰ সৈতে কামসূত্ৰ সংক্ৰান্তীয় আলোচনা কৰিছে সঞ্চালক এজাজে৷ অৱশ্যে এই বিষয়টো ইয়াতেই ক্ষাম কটা নাই৷
ভাইৰেল সেই ভিডিঅ’ত দেখা গৈছে শ্ব’ত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলৰ সৈতে কামসূত্ৰ সংক্ৰান্তিয় আলোচনা কৰিছে সঞ্চালক এজাজে৷ ইয়াৰ পাছতেই আৰু এক ধাপ আগুৱাই কেইবাজনো প্ৰতিযোগীৰ সৈতে কামসূত্ৰৰ বিভিন্ন সংগম ভংগীক লৈ অস্বস্তিকৰ কথাও কৈছে এজাজে৷ আনকি প্ৰতিযোগীসকলৰ সেই ভংগীমা কৰি দেখুৱাবলৈ কৈছে এজাজে৷
এগৰাকী মহিলা প্ৰতিযোগীক সংগমৰ বিভিন্ন ভংগীমাৰ অভিজ্ঞতা আছেনে সেই বিষয়ক লৈয়ো প্ৰশ্ন কৰা দেখা গৈছে এজাজক৷ সেই বিশেষ ভিডিঅ’ ক্লিপটো ভাইৰেলো হৈছে৷ ভিডিঅ’ প্ৰকাশ্যে অহাৰ পাছতেই অনুষ্ঠানত মহিলা প্ৰতিযোগীসকলক অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাৰ বাবেও বিতৰ্কত মুখত পৰিছে ‘হাউছ এৰেষ্ট’৷
ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চলিছে সমালোচনা৷ আপত্তি জনাইছে উল্লুৰ ব্যৱহাৰকাৰীয়েও৷ বিতৰ্কৰ মাজত পৰিছে ৰিয়েলিটি শ্ব’ ‘হাউছ এৰেষ্ট’ৰ সঞ্চালত আৰু নিৰ্মাতাসকল৷ একাংশ ছচিয়েল মিডিয়া ইউজাৰৰ অভিযোগ যে OTT প্লেটফৰ্মত এই ধৰণৰ শ্ব’য়ে অশ্লীলতা বিয়পাইছে৷ এই ধৰণৰ শ্ব’ৰ মাধ্যমেৰ নাৰীক বেয়া ধৰণে উপস্থাপন কৰা হৈছে৷ ছচিয়েল মিডিয়া ইউজাৰকাৰীৰ একাংশই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰনালয়ক বিষয়টো লৈ পদক্ষেপৰ দাবী জনাইছে৷ অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো দাবী জনাইছে বহুতেই৷
ব্যৱহাৰকাৰীসকল আপত্তিৰ ওপৰিও হাউছ এৰেষ্ট শ্ব’ক লৈ তীব্ৰ আপত্তি কৰিছে দেশৰ ৰাজনীতিবিদসকলেও৷ বিষয়টোক লৈ ইতিমধ্যেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ নিশিকান্ত ডুবেই৷ নিশিকান্তই জনাইছে যে, এক সংসদীয় কমিটিয়ে বিষয়টোক লৈ তদন্ত কৰিব৷ এক্স হেণ্ডেলত পোষ্ট কৰি তেওঁ লিখিছে, ‘এই শ্ব’ আৰু নচলে৷ আমাৰ কমিটিয়ে তদন্ত আৰম্ভ কৰিব৷’
বিহাৰৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ভাৰপ্ৰাপ্ত অধিকাৰী বৰুণ ৰাজ সিংহই, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক দেশৰ সন্তানসকলক ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছে৷ অন্যহাতে উদ্ভৱসেনা সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে জনাইছে যে তেওঁ সংসদীয় স্থায়ী কমিটিৰ ওচৰত বিষয়টো উত্থাপন কৰিছে৷ ‘উল্লু’ আৰু ‘অল্ট বালাজি’ৰ দৰে অশ্লীল অটিটি প্লেটফৰ্মসমূহ কেন্দ্ৰীয় চৰকাৰৰ আৰোপিত নিষেধাজ্ঞাৰ পৰা কেনেকৈ ৰেহাই পাইছে সেই প্ৰশ্ন উত্থাপন কৰিছে৷
বিষয়টোক লৈ পদক্ষেপ লৈছে ভাৰতীয় মহিলা কমিছনেও৷ এক বিবৃতিত এন ছি ডব্লিউয়ে জনাইছে যে এই ধৰণৰ অশ্লীল বিষয়বস্তুয়ে মহিলাৰ মৰ্যাদা লংঘন কৰে আৰু অনলাইন বিনোদনৰ নামত এক ক্ষতিকাৰক দৃষ্টান্ত স্থাপন কৰিছে৷ আগন্তুক ৯ মে’ ত উল্লুৰ চিইঅ’ বিভু আগৰৱাল আৰু সঞ্চালক এজাজক তলবো কৰিছে মহিলা কমিছনে৷ এন ছি ডব্লিউয়ে উল্লেখ কৰিছে যে যদি অভিযোগ প্ৰমাণিত হয় তেতিয়া ভাৰতীয় ন্যায় সংহিতাৰ তথ্যপ্ৰযুক্তি আইনৰ আওঁতাত গুৰুতৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে অভিযুক্তসকল৷ জনা গৈছে শ্ব’ৰ সঞ্চালক এজাজৰ বিৰুদ্ধে ইতিমধ্যেই এখন এফ আই আৰ দাখিল হৈছে৷ বিতৰ্কত সোমোৱাৰ পাছতেই ‘উল্লু’ৰ ৱেবচাইট আৰু এপৰ পৰা হাউছ এৰেষ্টৰ সমস্ত খণ্ড আঁতৰাই দিয়া হৈছে৷
উল্লেখ্য যে সম্প্ৰতি বিভিন্ন অনলাইন মাধ্যমেৰে আপত্তিকৰ দৃশ্য দেখুওৱাৰ অভিযোগ উঠা কেইবাটাও সংস্থাক নোটিছ পঠিয়াইছে ছুপ্ৰিম কৰ্টে৷ অনলাইন মাধ্যমেৰে অশ্লীলতাৰ অভিযোগ উঠাটোক অত্যন্ত উদ্বেগজনক বিষয় বুলি ধাৰণা কৰিছে শীৰ্ষ আদালতে৷
জনস্বাৰ্থ গোচৰৰ প্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন অটিটি সংস্থা, সামাজিক মাধ্যম আৰু অনলাইন চাৰ্ছ ইঞ্জিনক নোটিছ পঠিয়াইছে শীৰ্ষ আদালতৰ ন্যায়াধীশ বি আৰ গবই আৰু ন্যায়াধীশ এজি মাছিহৰ বেঞ্চে৷ আইনী খবৰ পৰিবেশনকাৰী ৱেবচাইট ‘লাইভ ল’ অনুযায়ী সেই তালিকাত আছে নেটফ্লিক্স আৰু আমাজন প্ৰাইমৰ দৰে নামী প্লেটফৰ্মো৷ ছুপ্ৰিম কৰ্টৰ সেই পদক্ষেপৰ পাছতেই অশ্লীল বিষয়বস্তু সম্প্ৰচাৰৰ অভিযোগ উঠিছে উল্লুৰ শ্ব’ৰ বিৰুদ্ধে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















