পোষ্ট অফিচৰ স্কিমসমূহে সুৰক্ষাৰ সৈতে ভাল ৰিটাৰ্ণ দিয়ে৷ বেছিভাগ লোকেই এতিয়াও এই পোষ্ট অফিচত স্কিমত বিনিয়োগ কৰিবলৈ পছন্দ কৰে৷ কোনোৱে যদি এটা পোষ্ট অফিচ স্কিমত বিনিয়োগ কৰাৰ কথা ভাৱে যি অলপ সময়ৰ ভিতৰতেই উচ্চ সুদ আৰু সুবিধা প্ৰদান কৰে তেনে এটি পোষ্ট অফিচ স্কিম সম্পৰ্কে বিনিয়োগৰ পূৰ্বেই জানি থওক৷ এই পোষ্ট অফিচ স্কিমত বিনিয়োগ বা টাইম ডিপোজিট স্কিমত বিনিয়োগ কৰে যাৰ পৰা প্ৰচুৰ ধন উপাৰ্জন কৰিব পাৰে৷ কোনোৱে যদি পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত বিনিয়োগ কৰিব বিচাৰে তেন্তে নিজৰ নিকটস্থ পোষ্ট অফিচত গৈ এটা একাউণ্ট খুলিব পাৰে৷
এই স্কিমত ৭.৫শতাংশ হাৰত সুদ পোৱা যায়৷ পোষ্ট অফিচৰ টিডিত বিনিয়োগ কেৱল ১০০০ টকাৰেই আৰম্ভ কৰিব পাৰে আৰু সৰ্বোচ্চ যিমান মন যায় সিমান বিনিয়োগ কৰিব পাৰে৷ পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমত ৫লাখ টকা বিনিয়োগ, ৫বছৰৰ পোষ্ট অফিচ টাইম ডিপোজিট স্কিমে ৭.৫শতাংশ হাৰত সুদ প্ৰদান কৰে৷ কোনোৱে যদি ১০ বছৰৰ বাবে পোষ্ট অফিচত ৫,০০,০০০ টকা জমা কৰে তেন্তে সুদ হিচাপে ৫,৫১,১৭৫ টকা পাব আৰু মেছিউৰিটিৰ পৰিমাণ হ’ব ১০,৫১,১৭৫ টকা৷
ইয়াৰোপৰি কোনোৱে যদি ৭.৫ শতাংশ সুদৰ হাৰত ৪লাখ জমা পৰে তেন্তে ১০ বছৰত ৪,৪০,৯৪০ টকা সুদ পাব আৰু মেছিউৰিটিত ৮,৪০,৯৪০ টকা লাভ কৰিব৷ যদি এই স্কিমত কোনোৱে ১০ বছৰৰ বাবে ১,০০,০০০টকা বিনিয়োগ কৰে তেন্তে সুদ পাব ১,১০,২৩৫ টকা৷ এইদৰে মেছিউৰিটিৰ সময়ত ২,১০,২৩৫ টকা লাভ কৰিব৷
কোনোৱে যদি এই FDত ১০লাখ টকা বিনিয়োগ কৰে তেন্তে ৫বছৰত ৭.৫শতাংশ সুদ পাব৷ অৰ্থাৎ নিজৰ বিনিয়োগ কৰা পৰিমাণৰ ওপৰত ৪,৪৯,৯৪৮ টকা সুদ পাব আৰু মুঠ ১৪,৪৯,৯৪৮টকা লাভ কৰিব৷ পোষ্ট অফিচ টাইম ডিপোজিট স্কিমচ এই সুবিধা পোৱা যাব৷ কোনোৱে যদি পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত ৫বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে আয়কৰ আইনক ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাই পোৱা যাব৷ কোনোৱে যদি এই পোষ্ট অফিচ স্কিমত বিনিয়োগ কৰে, তেন্তে ৬মাহৰ পূৰ্বে বিনিয়োগৰ পৰিমান প্ৰত্যাহাৰ কৰা নাযাব৷ কিন্তু বিনিয়োগকাৰীয়ে যদি বিচাৰে মেচিউৰিটিৰ তাৰিখ বঢ়াই ল’বও পাৰে৷ মেচিউৰিটিৰ ৬মাহ পূৰ্বে এই সময় আপুনি বঢ়াই ল’ব পাৰে৷ যদি দুবছৰৰ বাবে কোনোৱে বিনিয়োগ বঢ়াব খোজে তেন্তে মেচিউৰিটিৰ ১বছৰ পূৰ্বে এয়া কৰা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ