অসম লাইভ২৪ঃ শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ। প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে, প্ৰতিটো ক্ষেত্ৰত আমাৰ পৰৱৰ্তী প্ৰজন্মক গঢ়ি তোলাৰ ক্ষেত্ৰত নিৰলস পৰিশ্ৰম কৰি আহিছে তেওঁলোকে। সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানক শ্ৰদ্ধা জনাবলৈকে প্ৰতিবছৰে ৫ ছেপ্টেম্বৰ তাৰিখে দেশজুৰি পালিত হয় শিক্ষক দিৱস। দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মবাৰ্ষিকীত প্ৰতিবছৰে এই দিনটো পালন কৰা হয়। দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি বা দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপেই নহয়, শিক্ষা ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবেও তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি ৫ছেপ্টেম্বৰত পালিত হয় শিক্ষক দিৱস।
১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজৰ চিত্তুৰ জিলাৰ তিৰুত্তানিত এক তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে। সৰুৰেপৰাই পঢ়াশুনাত খুবেই ভাল আছিল ৰাধাকৃষ্ণণ। ফলত পঢ়াশুনাৰ বাবে তেওঁ স্কলাৰচিপো পাইছিল। বাল্যকালতেই তেওঁ তিৰুপতিৰ স্কুলত পঢ়াশুনা কৰিছিল। ইয়াৰপাছতেই তেওঁ শিক্ষাগ্ৰহণৰ বাবে ভেলোৰলৈ আহে। ইয়াৰপাছতেই তেওঁ ১৬ বছৰ বয়সত মাদ্ৰাছা খ্ৰীষ্টান কলেজৰ পৰা দৰ্শন বিষয়ক লৈ পঢ়াশুনা কৰে। তেওঁ ভাৰতৰ ইতিহাসত অন্যতম দাৰ্শনিক হিচাপে পৰিগণিত হয়।
পঢ়াশুনা শেষ কৰি মাদ্ৰাছা প্ৰেছিডেন্সি কলেজত অধ্যাপক হিচাপে যোগদান কৰে ৰাধাকৃষ্ণণে। তাৰপিছতেই তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে ৰাধাকৃষ্ণণে। কিন্তু এটাৰ পাছত আনটো অফাৰ আহিয়েই থাকিল ৰাধাকৃষ্ণণলৈ। মহীশূৰ বিশ্ববিদ্যালয়ত কিছুদিন অধ্যাপনা কৰাৰ পাছত ১৯২১ চনত কলকাতা বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক হিচাপে যোগদান কৰে ৰাধাকৃষ্ণণে।
বহুদিন ধৰি অধ্যাপনাৰ ক্ষেত্ৰখনত জড়িত ৰাধাকৃষ্ণনে ১৯৩১ চনৰ পৰা ১৯৩৬ চন পৰ্যন্ত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ লাভ কৰে। শিক্ষা ক্ষেত্ৰত অনন্য অৱদান আগবঢ়োৱাৰ বাবে ১৯৩১ চনত তেওঁ ব্ৰিটেইনৰ ৰাজা পঞ্চম জৰ্জৰ পৰা নাইট উপাধি লাভ কৰে। ভাৰত স্বাধীন হোৱাৰ পাছত UNESCO-ত তেওঁ ভাৰতৰ প্ৰতিনিধি হিচাপেও কাম কৰে। ইয়াৰোপৰি ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েট ইউনিয়নত ভাৰতীয় ৰাষ্ট্ৰদূতৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৰাধাকৃষ্ণনে। ১৯৫২ চনত তেওঁ দেশৰ উপৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হয়। ইয়াৰপাছতেই ১৯৬২ চনত ভাৰতৰ প্রথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে পদত্যাগ কৰে। তেওঁৰ পদত্যাগৰ পাছতেই ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি পদত অধিস্থিত হয়।
১৯৬৭ চন পৰ্যন্ত দেশৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে ডঃ ৰাধাকৃষ্ণণে। তেওঁ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থও লিখি থৈ গৈছে। তেওঁ লিখা গ্ৰন্থসমূহ হৈছে Philosophy of Rabindranath Tagore, Reign of Religion in Contemporary Philosophy, The Hindu View of Life, Kalki or the Future of Civilisation, The Religion We need, Gautama the Buddha, India and China, ১৯৭৫ চনৰ ১৭ এপ্ৰিলত ৮৬ বছৰ বয়সত দেহাৱসান ঘটে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাধাকৃষ্ণণৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ