• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ… শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য

শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ… শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য

3 years ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

33 minutes ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

2 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

3 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

5 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

6 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

6 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

6 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

7 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

8 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ… শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য

editor by editor
September 5, 2023
in ভাৰত, শিক্ষা
0
শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ… শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ। প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে, প্ৰতিটো ক্ষেত্ৰত আমাৰ পৰৱৰ্তী প্ৰজন্মক গঢ়ি তোলাৰ ক্ষেত্ৰত নিৰলস পৰিশ্ৰম কৰি আহিছে তেওঁলোকে। সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানক শ্ৰদ্ধা জনাবলৈকে প্ৰতিবছৰে ৫ ছেপ্টেম্বৰ তাৰিখে দেশজুৰি পালিত হয় শিক্ষক দিৱস। দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মবাৰ্ষিকীত প্ৰতিবছৰে এই দিনটো পালন কৰা হয়। দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি বা দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপেই নহয়, শিক্ষা ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবেও তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি ৫ছেপ্টেম্বৰত পালিত হয় শিক্ষক দিৱস।

১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজৰ চিত্তুৰ জিলাৰ তিৰুত্তানিত এক তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে। সৰুৰেপৰাই পঢ়াশুনাত খুবেই ভাল আছিল ৰাধাকৃষ্ণণ। ফলত পঢ়াশুনাৰ বাবে তেওঁ স্কলাৰচিপো পাইছিল। বাল্যকালতেই তেওঁ তিৰুপতিৰ স্কুলত পঢ়াশুনা কৰিছিল। ইয়াৰপাছতেই তেওঁ শিক্ষাগ্ৰহণৰ বাবে ভেলোৰলৈ আহে। ইয়াৰপাছতেই তেওঁ ১৬ বছৰ বয়সত মাদ্ৰাছা খ্ৰীষ্টান কলেজৰ পৰা দৰ্শন বিষয়ক লৈ পঢ়াশুনা কৰে। তেওঁ ভাৰতৰ ইতিহাসত অন্যতম দাৰ্শনিক হিচাপে পৰিগণিত হয়।

পঢ়াশুনা শেষ কৰি মাদ্ৰাছা প্ৰেছিডেন্সি কলেজত অধ্যাপক হিচাপে যোগদান কৰে ৰাধাকৃষ্ণণে। তাৰপিছতেই তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে ৰাধাকৃষ্ণণে। কিন্তু এটাৰ পাছত আনটো অফাৰ আহিয়েই থাকিল ৰাধাকৃষ্ণণলৈ। মহীশূৰ বিশ্ববিদ্যালয়ত কিছুদিন অধ্যাপনা কৰাৰ পাছত ১৯২১ চনত কলকাতা বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক হিচাপে যোগদান কৰে ৰাধাকৃষ্ণণে।

বহুদিন ধৰি অধ্যাপনাৰ ক্ষেত্ৰখনত জড়িত ৰাধাকৃষ্ণনে ১৯৩১ চনৰ পৰা ১৯৩৬ চন পৰ্যন্ত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ লাভ কৰে। শিক্ষা ক্ষেত্ৰত অনন্য অৱদান আগবঢ়োৱাৰ বাবে ১৯৩১ চনত তেওঁ ব্ৰিটেইনৰ ৰাজা পঞ্চম জৰ্জৰ পৰা নাইট উপাধি লাভ কৰে। ভাৰত স্বাধীন হোৱাৰ পাছত UNESCO-ত তেওঁ ভাৰতৰ প্ৰতিনিধি হিচাপেও কাম কৰে। ইয়াৰোপৰি ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েট ইউনিয়নত ভাৰতীয় ৰাষ্ট্ৰদূতৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৰাধাকৃষ্ণনে। ১৯৫২ চনত তেওঁ দেশৰ উপৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হয়। ইয়াৰপাছতেই ১৯৬২ চনত ভাৰতৰ প্রথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে পদত্যাগ কৰে। তেওঁৰ পদত্যাগৰ পাছতেই ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি পদত অধিস্থিত হয়।

১৯৬৭ চন পৰ্যন্ত দেশৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে ডঃ ৰাধাকৃষ্ণণে। তেওঁ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থও লিখি থৈ গৈছে। তেওঁ লিখা গ্ৰন্থসমূহ হৈছে Philosophy of Rabindranath Tagore, Reign of Religion in Contemporary Philosophy, The Hindu View of Life, Kalki or the Future of Civilisation, The Religion We need, Gautama the Buddha, India and China, ১৯৭৫ চনৰ ১৭ এপ্ৰিলত ৮৬ বছৰ বয়সত দেহাৱসান ঘটে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাধাকৃষ্ণণৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
Next Post
বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?

ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.