যুগে যুগে অধৰ্মৰ বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ নানান ধৰণে ধৰাধামত আবিৰ্ভূত হৈছে নাৰায়ণ৷ দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হিচাপে তেওঁ জন্ম লৈছিল৷ দেহত্যাগ কৰাৰ পাছত শ্ৰীকৃষ্ণ জগন্নাথৰূপে আবিৰ্ভূত হৈছিল পুৰীত৷ কেনেকৈ কৃষ্ণৰ পৰা জগন্নাথ হৈ উঠিল তেওঁ? ৰথযাত্ৰাৰ পূণ্যলগ্নতেই জানি থওক সেই কাহিনী৷
শ্ৰীকৃষ্ণৰ প্ৰয়াণ
কুৰুক্ষেত্ৰৰ যুদ্ধৰ বহু দিন পাছত এদিন শ্ৰীকৃষ্ণই দ্বাৰকাত এজোপা গছৰ তলত বহি আছিল৷ সেই সময়ত তেঁওৰ ৰঙা চৰণযুগল দেখি চৰাই বুলি ভুল কৰি শৰ মাৰিছিল জৰা নামৰ এটা চিকাৰীয়ে৷ শৰৰ আঘাততেই মৃত্যু ঘটিছিল শ্ৰীকৃষ্ণৰ৷ শ্ৰীকৃষ্ণৰ মৃত্যুৰ খবৰ লাভ কৰি দ্বাৰকালৈ আহে পঞ্চপাণ্ডৱ৷ তেওঁৰ মৃতদেহ সৎকাৰৰ পাছত অৰ্জুনে দেখা পাই যে দেহ পুৰি গলেও নাভিদেশ পুৰি গৈছে৷ তেতিয়াই দৈৱবাণী হয় যে তেওঁৱেই সেই পৰমব্ৰহ্ম৷ এই অংশক সমুদ্ৰলৈ নিক্ষেপ কৰক৷ সমুদ্ৰই তেওঁৰ অনন্তশয়ন৷ অৰ্জুনে লগে লগেই সমুদ্ৰলৈ সেই অংশ নিক্ষেপ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















