• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

1 year ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

1 hour ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

15 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

15 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

15 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

16 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

17 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

17 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

18 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

19 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

19 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

20 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ

editor by editor
June 27, 2025
in জীৱনশৈলী
0
দ্বাৰকাৰ কৃষ্ণ কেনেকৈ পুৰীৰ জগন্নাথ হ’ল? ৰথযাত্ৰাৰ দিনাই জানি থওক সবিশেষ
0
SHARES
711
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুগে যুগে অধৰ্মৰ বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ নানান ধৰণে ধৰাধামত আবিৰ্ভূত হৈছে নাৰায়ণ৷ দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হিচাপে তেওঁ জন্ম লৈছিল৷ দেহত্যাগ কৰাৰ পাছত শ্ৰীকৃষ্ণ জগন্নাথৰূপে আবিৰ্ভূত হৈছিল পুৰীত৷ কেনেকৈ কৃষ্ণৰ পৰা জগন্নাথ হৈ উঠিল তেওঁ? ৰথযাত্ৰাৰ পূণ্যলগ্নতেই জানি থওক সেই কাহিনী৷

শ্ৰীকৃষ্ণৰ প্ৰয়াণ

কুৰুক্ষেত্ৰৰ যুদ্ধৰ বহু দিন পাছত এদিন শ্ৰীকৃষ্ণই দ্বাৰকাত এজোপা গছৰ তলত বহি আছিল৷ সেই সময়ত তেঁওৰ ৰঙা চৰণযুগল দেখি চৰাই বুলি ভুল কৰি শৰ মাৰিছিল জৰা নামৰ এটা চিকাৰীয়ে৷ শৰৰ আঘাততেই মৃত্যু ঘটিছিল শ্ৰীকৃষ্ণৰ৷  শ্ৰীকৃষ্ণৰ মৃত্যুৰ খবৰ লাভ কৰি দ্বাৰকালৈ আহে পঞ্চপাণ্ডৱ৷ তেওঁৰ মৃতদেহ সৎকাৰৰ পাছত অৰ্জুনে দেখা পাই যে দেহ পুৰি গলেও নাভিদেশ পুৰি গৈছে৷ তেতিয়াই দৈৱবাণী হয় যে তেওঁৱেই সেই পৰমব্ৰহ্ম৷ এই অংশক সমুদ্ৰলৈ নিক্ষেপ কৰক৷ সমুদ্ৰই তেওঁৰ অনন্তশয়ন৷ অৰ্জুনে লগে লগেই সমুদ্ৰলৈ সেই অংশ নিক্ষেপ কৰে৷

নীলমাধৱ ৰূপে পূজিত

ঢৌত ভাঁহি ভাঁহি আগুৱাই যায় সেই নাভি অংশ৷ নাভি অংশৰ সৈতে আগুৱাই তেওঁক চৰাই ভুলি ভুলতে শৰ মৰা চিকাৰীজনো৷  সেই অংশ পুৰী পৰ্যন্ত অহাৰ পাছতেই চিকাৰী শৱৰে এটা বিশেষ সপোন দেখে৷ সপোনত তেওঁ দেখা পায় যে শ্ৰী কৃষ্ণই তেওঁক সপোনত কৈছে যে পিছদিনা পুৱাই তেওঁক সমুদ্ৰৰ পৰা তুলি আনক৷ তেওঁ আৰু তেওঁৰ বংশধৰৰ হাততেই তেওঁ পুজিত হৈ থাকিব খোজে৷ তেতিয়াৰে পৰাই নীলমাধৱৰূপে পূজিত হৈ আছে ভগৱান শ্ৰীকৃষ্ণ৷

নীলমাধৱৰ খোজ

এনেকৈয়ে বহুকাল বাগৰে৷ কলিঙ্গৰ ৰজা তেতিয়া মহাৰাজ ইন্দ্ৰদ্যুম্ন৷ বিষ্ণুৰ ভক্ত ইন্দ্ৰদ্যুম্ন শ্ৰীক্ষেত্ৰত এটা মন্দিৰ গঢ়ি তুলে৷ কিন্তু সেই মন্দিৰত তেতিয়া কোনো বিগ্ৰহ নাছিল৷ এদিন তেওঁ জানিব পাৰে যে বিষ্ণুৰেই এক ৰূপ নীলমাধৱ৷ সেয়ে চাৰিওফালে নীলমাধৱক বিচাৰি অভিযান চলিল৷ কিন্তু বেছিভাগেই নীলমাধৱৰ কোনো সন্ধান নাপালে৷ কিন্তু এজন প্ৰজা বিদ্যাপতি তেওঁ নীলমাধৱক বিচাৰি যাওঁতে জংঘলৰ মাজত পথ হেৰুৱাই৷ বাট হেৰুওৱা বিদ্যাপতিক উদ্ধাৰ কৰে সেই বিশেষ চিকাৰি শৱৰৰাজৰ কন্যা ললিতাই৷ তাতেই বিদ্যাপতি প্ৰেমত পৰে ললিতাৰ৷ আৰু বিবাহপাশতো দুয়ো আৱদ্ধ হৈ পৰে৷ বিবাহৰ পাছত বিদ্যাপতিয়ে দেখিবলৈ পায় যে তেওঁৰ শহুৰেক শৱৰৰাজে প্ৰতিদিনে পুৱাই কৰোবালৈ ওলাই যায়৷ তেতিয়াই তেওঁ পত্নী ললিতাক এই বিষয়ে প্ৰশ্ন কৰে৷ ললিতাই জনাই যে তেওঁৰ পিতৃয়ে গোপন স্থানত নীলমাধৱৰ পুজা কৰিবলৈ যায়৷

দৈব্যবাণী

নীলমাধৱ সম্পৰ্কে জনাৰ পাছতেই বিদ্যাপতিয়ে নীলমাধৱৰ সন্ধান পাবলৈ জেদ কৰে৷ প্ৰথমে শৱৰৰাজ ৰাজি নহলেও পাছত তেওঁ চৰ্ত দিয়ে যে জংঘলৰ মাজত বিগ্ৰহ পৰ্যন্ত চকু বান্ধি বিদ্যাপতিক লৈ যাব৷ চকু বন্ধা অৱস্থাত যোৱাৰ সময়ত সমগ্ৰ পথত সৰিয়হৰ বীজ চটিয়াই গৈছিল বিদ্যাপতিয়ে৷ যথাস্থানত উপস্থিত হৈ নীলমাধৱৰ দৰ্শন পায় তেওঁ বনৰ ফুলেৰেই পূজা কৰে নীলমাধৱৰ৷ তেতিয়াই দৈব্যবাণী হয়, ‘ইমানদিনে মই দীন-দুঃখীৰ পূজা লৈছো এইবাৰ মই মহাউপাচাৰেৰে ৰজা ইন্দ্ৰদ্যুম্নৰ পূজা গ্ৰহণ কৰিব খোজো৷’

ইন্দ্ৰদ্যুম্নৰ সৈতে নীলমাধৱৰ সংঘাত

ইষ্টদেৱতাক হেৰুওৱাৰ আশংকাত ভীষণ খঙত বিদ্যাপতিক বন্দী কৰে শৱৰৰাজে৷ কিন্তু কন্যা ললিতাৰ কাকুতি মিনতিত বাধ্য হৈ বন্দীত্বৰ পৰা মুক্ত কৰে বিদ্যাপতিক৷ বিদ্যাপতিও লগে লগেই ৰজা ইন্দ্ৰদ্যুম্নৰ কাষলৈ যায়৷ ইন্দ্ৰদ্যুম্নই তেতিয়া বিদ্যাপতিৰ কথা মন দি শুনে আৰু লগে লগেই বিদ্যাপতিৰ সৈতে জংঘলত থকা বিশেষ গুহাটোত উপস্থিত হয়৷ তাৰপৰাই নীলমাধৱক সসন্মানেৰে ৰাজপ্ৰসাদলৈ আনে৷ ৰজাই আটক কৰে শৱৰৰাজকো৷ নীলমাধৱৰ বিগ্ৰহ কেনেকৈ নিৰ্মাণ কৰা হব সেই বিষয়ক লৈ ৰজা চিন্তিত আছিল৷ তেনে সময়তে আকৌ দৈৱবাণী হয়, সমুদ্ৰৰ পানীত ভাঁহি আহিব কাঠ৷ সেই কাঠেৰেই বনাব লাগিব বিগ্ৰহ৷

সমুদ্ৰত সঁচাকৈয়ে ভাঁহি আহিল কাঠ

দৈববাণীৰ মতেই সমুদ্ৰত কাঠ ভাঁহি আহিলেও হাজাৰ হাজাৰ হাতী, ঘোঁড়া লগাইয়ো সমুদ্ৰৰ পৰা সেই কাঠ তুলিব পৰা নগল৷ শেষত কাঠ টুকুৰাৰ এটা কাষ ধৰে শৱৰৰাজে আৰু এটা কাষ ধৰে ব্ৰাহ্মণ পুত্ৰ বিদ্যাপতিয়ে৷ তেওঁলোক দুয়োৱেই আৰামেৰে সেই কাঠ তুলিও আনে৷ মহাৰাজে সেই কাঠেৰে তেওঁৰ কাৰিগৰসকলৰ মূৰ্তি গঢ়িবলৈ লগাই দিয়ে৷ কিন্তু সেই কাঠ ইমানেই শিলৰ দৰে টান যে হাতুঁৰি, দা সকলো সেই কাঠ কাটিবলৈ গৈ ভাঙি পৰে৷ কেনেকৈ মূৰ্তি তৈয়াৰ কৰিব পৰা যায় সেই বিষয়ক লৈ মন ভাঙি পৰে ৰজাৰ৷ মহাৰাজৰ সেই অৱস্থা দেখি বৃদ্ধৰ বেশত তাত হাজিৰ হয় স্বয়ং বিশ্বকৰ্মা৷ তেওঁ ৰজাক জনায় যে এই মূৰ্তি তেওঁ তৈয়াৰ কৰিব পাৰিব৷ কিন্তু ৰজাই এটা চৰ্ত মানিব লাগিব৷ চৰ্ত এয়াই যে ২১ দিন কোনোৱে যাতে নিৰ্মাণৰ বাবে তেওঁ থকা ৰুমত প্ৰৱেশ নকৰে৷

জগন্নাথৰ অসমাপ্ত মূৰ্তি

আৰম্ভ হল কাম৷ ইন্দ্ৰদ্যুম্নৰ ৰানি গুণ্ডিছাই দৈনিক ৰুদ্ধ দুৱাৰত কান পাতি শুনে কাঠ কটাৰ শব্দ৷ ১৪ দিনৰ পাছত হঠাৎ ৰাণীয়ে দেখে যে ৰুদ্ধদ্বাৰৰ ভিতৰ একেবাৰে নিস্তব্ধ৷ ৰানীয়ে লগে লগেই সেই কথা ৰজা ইন্দ্ৰদ্যুম্নক জনাই৷ ৰজাই আহি প্ৰতিশ্ৰুতি পাহৰি দুৱাৰ খুলি পেলায়৷ ৰজায় দেখা পাই যে বৃদ্ধ কাৰিকৰ তাত নাই৷ বিশেষ ৰুমত আছে এটা অসমাপ্ত মূৰ্তি৷ তেওঁৰ হাত ভৰি একোৱেই গঢ়া নহল৷ গৰ্হিত অপৰাধ কৰি পেলাইছে বুলি আকৌ দুখত ভাঙি পৰিল ৰজা৷ তেতিয়াই তেওঁক সপোনত জগন্নাথে জনাই যে তেওঁ এই ৰূপেৰেই পূজিত হব খুজিছে৷ সেই তেতিয়াৰ পৰাই শ্ৰী জগন্নাথৰ মূৰ্তি তেনেকৈয়ে পূজিত হৈ আহিছে যুগে যুগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
Next Post
ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

ৰথৰ দিনটোতেই সুখবৰ! দাম কমিল সোণৰ! ১ গ্ৰামত কিমান টকাকৈ কমিল দাম?

এয়াৰ ইণ্ডিয়াত আকৌ বিপত্তি! বিমানতেই হঠাৎ অসুস্থ এগৰাকী যাত্ৰী, হাস্পতাললৈ লৈ যাওঁতেই মৃত ঘোষণা চিকিৎসকৰ, কি হৈছিল যাত্ৰীগৰাকীৰ?

এয়াৰ ইণ্ডিয়াত আকৌ বিপত্তি! বিমানতেই হঠাৎ অসুস্থ এগৰাকী যাত্ৰী, হাস্পতাললৈ লৈ যাওঁতেই মৃত ঘোষণা চিকিৎসকৰ, কি হৈছিল যাত্ৰীগৰাকীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.