শাওন মাহ ভগবান শিৱৰ অতি প্ৰিয়৷ এই মাহত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিশেষ পূজা কৰা হয়৷ শাওন মাহ আৰম্ভ হব জুলাই মাহৰ মাজভাগৰ পৰা আৰু শেষ হব আগষ্টৰ মাজভাগত৷ লোকবিশ্বাস যে শাওন মাহত ভক্তিসহকাৰে ভগবান শিৱৰ পূজা আৰু সোমবাৰে উপবাস কৰিলে কাঙ্ক্ষিত ফল পোৱা যাব৷ শাওন মাহত সূৰ্য, মঙ্গল আৰু শুক্ৰই ৰাশি পৰিবৰ্তন কৰিব৷ শাওণত গ্ৰহৰ ৰাশি পৰিবৰ্তনৰ ফলত ১২ ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব৷ কিছু ৰাশিৰ জাতক জাতিকা গ্ৰহৰ গোচৰত শুভ ফল পাব৷ জানি থওক কোন ৫ৰাশিৰ বাবে শাওন মাহ শুভ হব?
১. বৃষ ৰাশি
শাওনত বৃষ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ বস্তুগত সুখ স্বাচ্ছন্দ্য বৃদ্ধি পাব৷ ব্যৱসায়ত অগ্ৰগতি হব পাৰে৷ বন্ধুৰ সহযোগিতা পাব৷ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ পুৰণি উৎসৰ পৰাও অৰ্থ আহিব৷
২. মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাই শাওন মাহত শুভ ফল পাব৷ ভাগ্য আপোনাৰ পক্ষত থাকিব৷ কামত অহা বাধা দূৰ হব আৰু সাফল্য আহিব৷ বিবাহিত জীৱন পূৰ্বতকৈ উন্নত হব৷ সম্পত্তি বৃদ্ধিৰ লক্ষণ আছে৷ আপুনি প্ৰেম আৰু সন্তানৰ পূৰ্ণ সমৰ্থন পাব৷
৩. কন্যা ৰাশি
শাওন মাহে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে অগ্ৰগতিৰ পথ খুলিব৷ এই সময়ত চাকৰিৰ পৰিস্থিতি ভালে থাকিব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময় শুভ৷ শত্ৰু পৰাস্ত কৰিব পাৰে৷ আপোনাৰ দৈনন্দিন কৰ্মসংস্থানত অগ্ৰগতি হব৷ আৰ্থিক দিশ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে৷
৪. কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে শাওন মাহত অৰ্থ সংক্ৰান্তিয় সমস্যা আহিলেও তাৰ পৰা মুক্তি পাব৷ আপুনি ঋণৰ পৰা মুক্তি পাব পাৰে৷ ব্যৱসায়ত অগ্ৰগতিৰ লক্ষণ আছে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ সংবাদৰ মাধ্যমত থকাসকলে সুসংবাদ পাব৷ ব্যৱসায় আৰু প্ৰেম ভালে থাকিব৷
৫.তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শাওন মাহ ভাল হব পাৰে৷ এই সময়ত আপুনি বিবাহিত জীৱনত মধুৰতা বঢ়া প্ৰত্যক্ষ কৰিব৷ যিসকল চাকৰিয়াল তেওঁলোকৰো শ্ৰীবৃদ্ধি হব৷ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ স্বাস্থ্যও আপোনাৰ অনুকূল থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















