IPLত কোহলীৰ নামত অদ্ভুত ৰেকৰ্ড, কোনো খেলুৱৈয়ে সক্ষম হোৱা নাই এই কৰিবলৈ
বিগত দশকত আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীয়ে এনেদৰে বেটিং কৰিছে যিটো খুব কমেইহে দেখা যায়। বিশেষকৈ যেতিয়া বিপক্ষই লক্ষ্য বান্ধি দিয়ে, তেতিয়া অধিক আক্ৰমণাত্মক হৈ কোহলীৰ বেট। যাৰ বাবে কোহলীক “চেজ মাষ্টাৰ” বুলিও জনা যায়।
কোহলীৰ ৰেকৰ্ড বুকত বহুতো ডাঙৰ ডাঙৰ অভিলেখ লিপিবদ্ধ হৈ আছে, যাৰ বাবে কোহলীক বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ ভিতৰত গণ্য কৰা হয়। আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলীৰ লগতে আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখো তেওঁৰ হাতত আছে।
২০০৮ চনৰ পৰা আই পি এলত খেলি থকা বিৰাট কোহলীয়ে প্ৰথম ছিজনৰ পৰা কেৱল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হৈ খেলিছে। ২০২৫ চনৰ আই পি এলতো আৰ চি বিৰ হৈ খেলা দেখা যাব কোহলীক। আই পি এলৰ ১৭টা ছিজনত এতিয়ালৈকে মাত্ৰ এটা দলৰ হৈ খেলা একমাত্ৰ বেটছমেন কোহলী। অন্য খেলুৱৈয়ে এইদৰে খেলিব পৰা নাই।
মহেন্দ্ৰ সিং ধোনীয়ে ২০০৮ চনৰ পৰা চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ খেলিছিল যদিও চি এছ কেত দুবছৰীয়া নিষেধাজ্ঞাৰ বাবে ৰাইজিং পুনে ছুপাৰজায়েণ্টছৰ হৈও খেলিছিল। একে সময়তে ৰোহিত শৰ্মাই ডেকান চাৰ্জাৰ্ছৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পিছলৈ তেওঁ মুম্বাই ইণ্ডিয়ানছ (এম আই) দলত যোগদান কৰে।
বিৰাট কোহলীৰ এই অভিলেখে তেওঁক আই পি এলৰ ইতিহাসৰ আটাইতকৈ নিষ্ঠাবান খেলুৱৈ হিচাপে গঢ়ি তুলিছে, যিয়ে এতিয়ালৈকে কেৱল আৰ চি বিৰ হৈ খেলিছে। কিন্তু বিৰাট কোহলীয়ে এতিয়াও আই পি এলৰ খিতাপ অৰ্জন কৰিব পৰা নাই।
কোহলীয়ে এই পৰ্যন্ত আই পি এলৰ ২৫২খন খেলত মুঠ ৮০০৪ ৰান সংগ্ৰহ কৰিছে, য’ত ৮টা শতক আৰু ৫৫টা অৰ্ধশতক অন্তৰ্ভুক্ত। আই পি এলত ৮০০০ৰো অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন কোহলী। কোহলীয়ে আই পি এলৰ প্ৰতিটো কৃতিত্ব অৰ্জন কৰিছে যিটো যিকোনো বেটছমেনৰ বাবে সপোন।
কিন্তু ইমান উজ্জ্বল বেটিঙৰ পিছতো তেওঁ এতিয়ালৈকে এটাও আই পি এল খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে অনুৰাগীসকল আশাবাদী যে এইবাৰ কোহলীৰ ইচ্ছা পূৰণ হ’ব আৰু ২০২৫ চনত প্ৰথমবাৰৰ বাবে আৰচিবিয়ে ট্ৰফী লাভ কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ