ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ
কেঁচু খান্দোতে সাপ ওলোৱাৰ লেখিয়া কাণ্ড সংঘটিত হয় এগৰাকী ন্যায়াধীশৰ লগত। যি দেখি এতিয়া হতবাক সকলো। দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ সৈতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ অফিচিয়েল বাংলোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। কিন্তু জুই নিৰ্বাপনৰ লগতে অগ্নিনিৰ্বাপত বাহিনীৰ হাতত লাগে টকাৰ পাহাৰ।
জুই নিৰ্বাপনৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে ন্যায়াধীশৰ বাংলোৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। এই খবৰ পোৱাৰ লগে লগে চাৰিওফালে এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। এজন ন্যায়াধীশৰ ঘৰৰ পৰা এই পৰিমাণৰ ধন উদ্ধাৰে দেশৰ ন্যায়িক ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব বুলি আশংকা কৰিছে ন্যায়াধীশৰ এটা অংশই।
সূত্ৰ অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ পৰিয়ালৰ লোকে তেওঁৰ চৰকাৰী বাংলোত অগ্নিকাণ্ডৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰিছিল। সেই সময়ত ন্যায়াধীশ ভাৰ্মা দিল্লীত নাছিল। এই খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ দ্ৰুতগতিত উপস্থিত হয় ঘটনাস্থলীত।
খবৰ লাভ কৰি আৰক্ষীও আহি উপস্থিত হয় ঘটনাস্থলীত। কিন্তু জুই নিৰ্বাপন কৰাৰ সময়তে অগ্নিনিৰ্বাপক বাহিনীয়ে বাংলোটোৰ এটা কোঠাৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।
ইমান বৃহৎ পৰিমাণৰ ধন উদ্ধাৰৰ পাছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল যথেষ্ট স্তম্ভিত হৈ পৰে। লগে লগে ঘটনাসন্দৰ্ভে উচ্চ কৰ্তৃপক্ষক অৱগত কৰে। এই খবৰে দিল্লী প্ৰশাসনৰ সৰ্বোচ্চ স্তৰত উপনীত হয়। তাৰ পৰাই এই খবৰ লাভ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না।
মুখ্য ন্যায়াধীশে খৰধৰকৈ কলেজিয়ামৰ এখন সভাৰ আয়োজন কৰি মুখ্য ন্যায়াধীশকে ধৰি পাঁচজনীয়া কলেজিয়ামে ততাতৈয়াকৈ সিদ্ধান্ত লয় যে ন্যায়াধীশ ভাৰ্মাক তৎকালীনভাৱে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা উচিত। ২০২১ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল ন্যায়াধীশ যশৱন্ত ভাৰ্মা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ