বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে
ইতিহাস ৰচিলে ইটালীৰ এটা সংবাদ মাধ্যমে, প্ৰকাশ কৰি উলিয়ালে বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত। ইটালীৰ কাকত ইল ফ’গ্লিঅ’ই বিশ্বজুৰি প্ৰথমটো সংবাদ মাধ্যমৰ সংস্থা হিচাপে পৰিগণিত হৈছে যিয়ে এআই ব্যৱহাৰ কৰি এটা সম্পূৰ্ণ সংস্কৰণ প্ৰকাশ কৰিছে।
বাতৰি কাকত খনৰ প্ৰতিটো খবৰেই লিখা হৈছে কৃত্তিম বুদ্ধিমত্তাৰ জৰিয়তে। তাতোকৈ উল্লেখযোগ্য কথা যে, এই বাতৰি কাকত খন এটা দিনেই এইদৰে কৃত্তিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে বাতৰি কাকত প্ৰকাশ কৰা নাই, অহা এমাহৰ বাবে এইদৰে এ আই ৰ সহায়ত বাতৰি কাকত প্ৰকাশ কৰিব বুলি সদৰি কৰিছে।
এই কাকতখন হৈছে ইটালীৰ এখন দৈনিক বাতৰি কাকত যাৰ নাম ইল ফ’গ্লিঅ’। ইয়াৰ প্ৰায় ২৯০০০ কপি প্ৰতিদিনে বিক্ৰী হয়।
ইল ফ’গ্লিঅ’ই কয় যে সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা বাতৰি কাকত প্ৰকাশ কৰা এইখনেই বিশ্বৰ প্ৰথমখন কাকত। ইয়াৰ সাধাৰণ সংস্কৰণৰ সমান্তৰালভাৱে ১৮ মাৰ্চ মঙলবাৰৰ পৰা ছপা আৰু অনলাইনত চাৰি পৃষ্ঠাৰ দৈনিক এআই সংস্কৰণ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে।
এই কৃত্তিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে প্ৰকাশ কৰা কাকতখনৰ প্ৰথম সংস্কৰণত প্ৰায় ২২টা প্ৰবন্ধ আৰু তিনিটা সম্পাদকীয় আছিল। ChatGPT ৰ সহায়ত প্ৰকাশ কৰিছিল খবৰবোৰ।
এ এফ পিৰ প্ৰতিবেদন অনুসৰি কাকতখনৰ প্ৰায় ২০ জন সাংবাদিকে OpenAI ৰ ChatGPT chatbotক এটা বিশেষ বিষয়ৰ ওপৰত লিখিবলৈ কয়। ইয়াৰ পিছত এই AI চফটৱেৰে ইণ্টাৰনেটৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰি লেখাটো প্ৰস্তুত কৰে।
এই সপ্তাহত কাকতখনে এআই ব্যৱহাৰ কৰি প্ৰকাশ কৰা প্ৰবন্ধসমূহৰ ভিতৰত আছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ ভাষণৰ বিশ্লেষণ, ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনৰ মাজত শেহতীয়াকৈ হোৱা ফোন কলৰ সম্পাদকীয় আৰু এটা ফেশ্বন কাহিনী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ