ইছলামৰ পগয়ম্বৰ হজৰত মহম্মদৰ বিষয়ে আপত্তি তথা অপমানজনক মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ পৰা বহিষ্কাৰ হোৱা নূপুৰ শৰ্মাক বিপদে লগ নেৰাই হৈছে৷
দিল্লী আৰু মুম্বাই আৰক্ষীৰ পিছত এইবাৰ কলকতা আৰক্ষীয়ে বিতৰ্কিত নূপুৰ শৰ্মালৈ চমন প্ৰেৰণ কৰিছে৷
বিজেপিৰ নিলম্বিত ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাক নৰকেল্ডাঙা আৰক্ষী থানালৈ তলৱ কৰা হৈছে। আৰক্ষীয়ে অহা ২০ জুনৰ ভিতৰত নূপুৰ শৰ্মাক হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।
লগতে পঢ়ক ‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?
জানিব পৰা মতে কলকতা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪১এ ধাৰা অনুসৰি নূপুৰ শৰ্মালৈ জাননী প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে পগয়ম্বৰ হজৰত মহম্মদৰ বিষয়ে আপত্তিজনক মন্তব্য কৰি সমগ্ৰ দেশৰ লগতে মধ্য প্ৰাচ্যটো বিতৰ্কৰ সৃষ্টি কৰা নূপুৰ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন থানাত এফ আই আৰ দাখিল কৰা হৈছে। বিভিন্ন মহলৰ পৰা তেওঁক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰা হৈছে।
লগতে পঢ়ক আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!
প্ৰৰোচনামূলক ভাষণ দিয়াৰ বাবে পূব মিডনাপুৰৰ কাঁঠী থানাত নূপুৰ শৰ্মাৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। ইফালে গোচৰীয়া পক্ষই শীঘ্ৰে নূপুৰ শৰ্মাক গ্ৰেপ্তাৰ নকৰিলে সোমবাৰে তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰো হুংকাৰ দিয়ে।
ইফালে মুম্বাই আৰক্ষীয়েও নূপুৰ শৰ্মাক ২৫ জুনত হাজিৰ হ’বলৈ চমন প্ৰেৰণ কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ৪১ ধাৰা অনুসৰি মুম্বাই আৰক্ষীয়ে নুপুৰ শৰ্মালৈ জাননী প্ৰেৰণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ