অসম লাইভ২৪ঃ বাংলাদেশৰ সনাতন ধৰ্মালম্বী লোকৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱেই হৈছে শাৰদীৰ দুৰ্গোৎসৱ। আজি মহাষ্টমী। মহাষ্টমী মানেই কুমাৰী পূজা। সোমবাৰে পুৱাৰে পৰাই বাংলাদেশৰ বিভিন্ন পূজা মণ্ডপত দেখা গৈছে কুমাৰী পূজাৰ আয়োজন। পুৱা ১১ বজাৰ পৰাই ঢাকাৰ ৰামকৃষ্ণ মিছনতো অনুষ্টিত হৈছে কুমাৰী পূজা।
১৬ টা উপকৰণেৰে এই পূজাৰ আনুষ্ঠানিকতা আৰম্ভ হয়। ইয়াৰ পিছতেই অগ্নি, জল, বস্ত্ৰ, ফুল আদিকে ধৰি ১৬ টা উপকৰণ এই পূজাৰ বাবে অতিকৈ প্ৰয়োজনীয়। অৰ্ঘ্য প্ৰদানৰ পিছতেই দেৱীক ডিঙিত ফুলৰ মালা পিন্ধোৱা হয়। ঢাকাৰ ৰামকৃষ্ণ মিছনৰ কুমাৰী পূজাৰ অন্তত ৪০ ৰ পৰা ৫০ হাজাৰ ভক্তই পুষ্পাঞ্জলী অৰ্পণ কৰিছে। কুমাৰী পূজাৰ পিছতেই সোমবাৰে ঢাকেশ্বৰী মন্দিৰত ভক্তসকলৰ মাজত প্ৰসাদো বিতৰণ কৰা হৈছে। ঢাকাৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলৰ মাজতো আয়োজক সন্থাই প্ৰসাদ বিতৰণ কৰে।
উল্লেখ্য যে, নাৰী ভগবতীৰ এটা ৰূপ। শুদ্ধিকৰণ কৰা কুমাৰীৰ আত্মাত ভগৱতীয়ে অৱস্থান কৰে। কুমাৰী পূজাৰ যোগেদি নাৰী পবিত্ৰ হোৱাৰ লগতে মাতৃভাৱাপন্ন হৈ উঠে বুলিও এক লোকবিশ্বাস যুগে যুগে চলি আহিছে। ১৯০১ চনত ধৰ্মপ্ৰচাৰক স্বামী বিবেকানন্দই পশ্চিমবংগৰ বেলুৰ মঠত প্ৰথম কুমাৰী পূজাৰ আয়োজন কৰিছিল। তেতিয়াৰে পৰাই প্ৰত্যেকবছৰেই দুৰ্গা পূজাৰ অষ্টমী তিথিত কুমাৰী পূজা কৰা হয়।
এই পূজাৰ বিশেষত্ব এয়ে যে পূজা আগবঢ়োৱাৰ আগমুহূৰ্তলৈকে কুমাৰীৰ পৰিচয় গোপনে ৰখা হয়। এই পূজাৰ বাবে নিৰ্বাচন কৰা কুমাৰীগৰাকীয়ে পিছত স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে। শাস্ত্ৰত উল্লেখ থকা মতে ১ৰ পৰা ১৬ বছৰলৈকে এগৰাকী কন্যা কুমাৰী পূজাৰ বাবে উপযুক্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ