অসম লাইভ২৪ঃ মহানগৰীত পুনৰ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে এটি মৃতদেহ। গুৱাহাটীৰ ছুপাৰ মাৰ্কেটস্থিত উষা নগৰৰ ১ নং উপপথৰ ৪নং ঘৰৰ প্ৰথম মহলাত উদ্ধাৰ হৈছে মৃতদেহটো। অচিনাক্ত মৃতদেহটো এগৰাকী যুৱতীৰ বুলি জানিব পৰা গৈছে।
জানিব পৰামতে যুৱতীগৰাকীৰ প্ৰায় তিনিদিন পূৰ্বেই মৃত্যু হৈছে। সমগ্ৰ অঞ্চলত দুৰ্গন্ধ বিয়পি পৰাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। উদ্ধাৰ হোৱা মৃতদেহটোৰ নাম ঠিকনা বৰ্তমানেও জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ