অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ লকডাউনে বিপর্যয় এৰা নাই শ্ৰমিকসকলৰ৷ পৰিয়াল-পৰিজনৰ দায়িত্বৰ বাবে বহিঃৰাজ্যত কর্মৰত শ্ৰমিকসকলৰ বিলাইৰ নানান কাহিনী আপুনি সংবাদ মাধ্যমত দেখিয়েই আছে৷ উত্তৰ প্ৰদেশৰ এজন শ্ৰমিকে প্ৰায় ২০০০ কিলোমিটাৰ খোজকাঢ়ি স্বগৃহত উপস্থিত হৈছিল৷ পৰিয়ালৰ লোকসকলে শ্ৰমিকজনৰ ওচৰতে পাই আনন্দ-ফূর্তিও কৰিছিল৷ চলমান নামৰ শ্ৰমিকজনে ৰেল সময়মতে ধৰিব নোৱৰাৰ বাবেই এই দীর্ঘ বাট খোজকাঢ়ি নিজৰ ঘৰত উপস্থিত হোৱা খবৰ পাই চুবুৰীয়াই কুশল বার্তাও লৈছিল চলমানৰ৷ পুৱাৰ ভাগত উপস্থিত হৈ আবেলি ঘৰৰ বাৰীত শুই পৰিছিল চলমান৷ এনকৈ শুই থাকোঁতেই চলমানক বিষাক্ত সাপে দংশন কৰে৷ বিষক্ৰিয়াৰ পাছতেই চলমানক স্থানীয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ ইয়াকে হয়তো কয় চৰণেহে জানে মৰণৰ ঠাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ