পাঁচখন নতুন জিলা পালে লাডাখে৷ সোমবাৰে বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় স্বৰাষ্ট্ৰমন্ত্ৰী অমিত শ্বাহে৷ জাংস্কৰ, দ্ৰাছ, শাম, নুব্ৰা আৰু চাংথাংক জিলাৰ স্বীকৃতি দিয়া হৈছে৷ সামাজিক মাধ্যমত পোষ্ট কৰি এই বৃহৎ ঘোষণা কৰে অমিত শ্বাহে৷ অমিত শ্বাহে লিখিছে, ‘মোদী চৰকাৰে লাডাখৰ বাসিন্দাসকলৰ বাবে নতুন নতুন সুযোগ তৈয়াৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ এই পাঁচখন জিলা তৈয়াৰ হ’লে সাধাৰণ মানুহে চৰকাৰী বিভিন্ন পৰিসেৱা লাভ কৰিব৷’
অমিত শ্বাহৰ এই ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ এক্স হেণ্ডেলৰ পোষ্ট কৰি লিখিছে, ‘আৰু উন্নত প্ৰশাসন আৰু লাডাখৰ উন্নয়নৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে৷ জাংস্কৰ, দ্ৰাছ, শাম, নুব্ৰা আৰু চাংথাংক এইবাৰ জিলা হিচাপে আৰু বেছি নজৰ দিয়া হ’ব৷ সাধাৰণ মানুহে সমস্ত চৰকাৰী পৰিসেৱা সহজেই লাভ কৰিব৷ লাডাখৰ মানুহক নতুন জিলা লাভক লৈ এতিয়া বহুতেই অভিনন্দন জনাইছে৷
উল্লেখ্য যে ৩৭০ অনুচ্ছেদ অৱলুপ্তিৰ পাছত লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা দিছে মোদী চৰকাৰে৷ ২০১৯ চনৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো সা সুবিধা লাডাখে লাভ কৰি আহিছে যদিও লাডাখক পূৰ্ণ ৰাজ্যৰ স্বীকৃতিসহ কেইবাটাও দাবী তুলি অনশনত বহিছে ছোনম ৱাংছুক৷ তেওঁ কয়, ‘লাডাখৰ সাংবিধানিক সুৰক্ষা আৰু তাৰ মানুহৰ ৰাজনৈতিক অধিকাৰৰ বাবে আমাৰ যুঁজ চলি আছে৷’ ইয়াৰোপৰি হিমালয়ৰ বাস্তুতন্ত্ৰৰ সুৰক্ষাও আছিল ছোনম ৱাংচুকৰ অন্যতম প্ৰধান দাবী৷ সোনম ৱাংচুকৰ আৰু এটা দাবী আছে, সেয়া হৈছে প্ৰাকৃতিক সম্পদক ৰক্ষা কৰাৰ যি আশ্বাস চৰকাৰে দিছিল সেয়া ৰখা হোৱা নাই৷ লাডাখৰ পৰিবেশৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰৰ দৃঢ় পদক্ষেপৰ দৰকাৰ বুলি দাবী কৰিছে সোনম ৱাংচুকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ