বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ
বিহুৰ আগমুহুৰ্তত এক সংবাদে চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ চন্দ্ৰপুৰত এগৰাকী যুৱতীৰ সৈতে সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা। বিহু শিকাবলৈ অহা প্ৰশিক্ষককৰ হাততেই ধৰ্ষণৰ বলি যুৱতীষ।
ধৰ্ষণ কৰি আৰক্ষী জালত লখিমপুৰৰ যুৱক। চন্দ্ৰপুৰৰ ধামখুন্দাত সংঘটিত হৈছে এই ঘটনা। লম্পট চৰিত্ৰৰ যুৱকজন লখিমপুৰৰ বৈৰৱজ্যোতি বৰা বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট চৰিত্ৰ যুৱকজনক । বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ ।
লখিমপুৰৰ যুৱকজনে ধামখুন্দাত বিহু নৃত্যৰ প্ৰশিক্ষণ দিবলৈ আহিছিল আৰু তাতে চিনাকি হৈছিল স্থানীয় এগৰাকী যুৱতীৰ সৈতে ।
পিছত দুদিনৰ চিনাকি যুৱতীগৰাকীক কালি নিশা বিহু নৃত্য প্ৰশিক্ষণৰ পিছত অকলে লগ পাই বলপূৰ্বক ধৰ্ষণ কৰে । পিছত স্থানীয় ৰাইজে এই কথা জানিব পাৰি যুৱকজনক আটক কৰি উত্তম মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে ।
প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি 448/376 C(a) IPC আৰু 56/2024 নম্বৰত এক গোচৰ ৰুজু কৰি আজি অভিযুক্ত আটক কৰি জেললৈ প্ৰেৰণ কৰে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ