অসম লাইভ২৪ঃ ২০২৩ চনত দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণ পৰিছে। ইয়াৰমাজতেই বিগত ২০ এপ্ৰিলত প্ৰথমটো সূৰ্যগ্ৰহণ হৈছিল। তাৰ ঠিত ১৫ দিন পাছত অৰ্থাৎ বিগত ৫ মে’ত এই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছিল। আগন্তু ১৪ অক্টোবৰত এই বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ। তাৰ ১৫ দিন পাছত অৰ্থাৎ ২৯ অক্টোবৰত এই বৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণ। সেইদিনাই কোজাগৰী পূৰ্ণিমা। এই পূৰ্ণিমাৰ দিনটোতেই লক্ষ্মীপূজাৰ আয়োজন কৰা হয়। বিশেষকৈ এইবাৰ যিহেতু লক্ষ্মীপুৰ্ণিমাৰ দিনাই চন্দ্ৰগ্ৰহণ পৰিছে তেনেক্ষেত্ৰত লক্ষ্মীপূজা পাতিব পৰা যাবনে, বহুতৰে মনত প্ৰশ্ন?
লক্ষ্মী পূৰ্ণিমাৰ তাৰিখ আৰু সময়
পঞ্জিকা অনুসৰি আগন্তুক ২৯ অক্টোবৰ ২০২৩ দেওবাৰে লক্ষ্মীপূজা। সেইদিনা ১০ কাৰ্তিক ১৪৩০। পূৰ্ণিমা আৰম্ভ হ’ব ২৮ অক্টোবৰৰ নিশা ৩বাজি ৪২ মিনিটত। পূৰ্ণিমা শেষ হ’ব ২৯ অক্টোবৰত নিশা ১ বাজি ৫৬ মিনিটত। উদয়া তিথি অনুসৰি লক্ষ্মীপূজা পালিত হ’ব ২৯ অক্টোবৰত।
দ্বিতীয় চন্দ্ৰগ্ৰহণ ২০২৩ ৰ তাৰিখ আৰু সময়
এই বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ হ’ব আগন্তুক ২৯ অক্টোবৰত। চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব ২৯ অক্টোবৰৰ নিশা ১ বাজি৫ মিনিটত। গ্ৰহণ শেষ হ’ব ২৯ অক্টোবৰৰ নিশা ২ বাজি ২৪ মিনিটত। গ্ৰহণ থাকিব প্ৰায় ১ ঘণ্টা ১৯ মিনিট। গ্ৰহণৰ সূতক কাল আৰম্ভ হ’ব ২৮ অক্টোবৰ দুপৰীয়া ২ বাজি ৫২ মিনিটত আৰু সূতক কাল শেষ হ’ব ২৯ অক্টোবৰৰ নিশা ২ বাজি ১১ মিনিটত। অৰ্থাৎ দেখা গৈছে যে পূৰ্ণিমা আৰু গ্ৰহণৰ মাজত সময় থাকিব। এই সময়ৰ মাজতেই ভক্তসকলে পূজা অৰ্চনা কৰিব পাৰিব। ২৯ অক্টোবৰত আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব অষ্ট্ৰেলিয়া, উত্তৰ আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এছিয়া মহাদেশত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ