অসমৰ সৈতেও মধুৰ সম্পৰ্ক আছিল লতা মংগেশকাৰৰ। কেইবাটাও অসমীয়া গীতত কণ্ঠ নিগৰাইছিল কোকিলকণ্ঠী গায়িকাগৰাকীয়ে। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা, সংগীত ব্যৱস্থাপনাত কেইবাটাও কালজয়ী গীতত কণ্ঠদানেৰে অসমবাসীৰ মনৰ মাজতো এক সুকীয়া স্থান দখল কৰিছিল বৰেণ্য কণ্ঠশিল্পীগৰাকীয়ে। ১৯৫৬ চনত তেওঁ গাইছিল কালজয়ী অসমীয়া গীত ‘জোনাকৰে ৰাতি, অসমীৰে মাটি’। এই গীতটিয়ে আজিও মোহাচ্ছন্ন কৰি ৰাখিছে প্ৰতিজন অসমীয়াক।
ভূপেন হাজৰিকাৰ সৈতে মধুৰ বন্ধুত্ব আছিল লতা মংগেশকাৰৰ। বন্ধুত্বৰ সুবাদতে আন কেইবাটাও কালজয়ী গীতত কণ্ঠ নিগৰাইছিল গায়িকাগৰাকীয়ে। ‘মই অধাই জলধীৰ মাজলৈ’, ‘গদাবৰী নৈৰ পৰা অসমী আইলৈ যাচোঁ প্ৰণাম’, ‘দুয়ো মুখামুখি’ ইত্যাদি ভূপেন হাজৰিকাৰ সৃষ্টিত প্ৰাণ ঢালিছিল লতা মংগেশকাৰে। কেৱল ভূপেন হাজৰিকাই নহয় ‘অপৰাজয়’ বোলছবিখনত ফণী তালুকদাৰে ৰচনা কৰা ‘আকাশ অ’ আকাশ’ গীতত কণ্ঠদান কৰিছিল তেওঁ।
লতা মংগেশকাৰৰ মৃত্যুত অসমতো পৰিছে শোকৰ ছাঁ। অসমৰ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই লতা মংগেশকাৰৰ মৃত্যুক এটা যুগৰ অৱসান বুলি অভিহিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ