বিশ্বৰ সবাতোকৈ ডাঙৰ প্ৰবঞ্চনা, তাকো এগৰাকী মহিলাৰ, এতিয়া আদালতৰ বিশেষ ৰায়
বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনা কিমান টকাৰ হব পাৰে বাৰু ? ভাবিবলৈ কিছু আচৰিত যেন লাগিলেও ইতিহাসত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ প্ৰৱঞ্চনা পোহৰলৈ আহিছে, যিটো ২৭ বিলিয়ন ডলাৰ। যি ভাৰতীয় হিচাপত প্ৰায় ২.২৬ লাখ কোটি টকা।
তাতোকৈ ডাঙৰ কথাটো হ’ল যে, এই প্ৰৱঞ্চনা কোনো পুৰুষ ব্যৱসায়ীয়ে নহয় এগৰাকী মহিলা ব্যৱসায়ীয়ে সংঘটিত কৰিছে এই লাখ-কোটি টকাৰ প্ৰৱঞ্চনা। এতিয়া আদালতে সেই মহিলাগৰাকীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
মহিলাগৰাকীৰ নাম ট্ৰেং মি লান (৬৮)-যিয়ে সম্পত্তি কিনা বেচাৰ ব্যৱসায় কৰে। সেই মি লানে সাধাৰণ মানুহ আৰু দেশৰ বেংকক প্ৰৱঞ্চনা কৰি ২৭ বিলিয়ন ডলাৰ হজম কৰে।
বিষয়টো পোহৰলৈ অহাৰ পিছতে মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় আৰু যোৱা মঙলবাৰে ভিয়েটনাম আদালতে লানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পিছত লেনে জালিয়াতিৰ ধন ঘূৰাই দিবলৈ আৰু শাস্তি হ্ৰাস কৰিবলৈ আবেদন জনাইছে। অৱশ্যে চৰকাৰী অধিবক্তাগৰাকীয়ে আদালতক কোনো ধৰণৰ দয়া প্ৰদৰ্শন নকৰিবলৈ আৰু কঠোৰ শাস্তি বাহাল ৰাখিবলৈ অনুৰোধ জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ