লেবাননত হিজবুল্লাহৰ ১১০০টা স্থানত আক্ৰমণ, ২১ শিশু আৰু ৩৯গৰাকী মহিলাসহ মুঠ ৪৯২ নিহত
ইজৰাইল আৰু লেবাননৰ মাজত বৰ্তমান পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। বিগত কেইবাদিনো দুয়োজনে ইজনে সিজনৰ ওপৰত অবিৰতভাৱে বিমান আক্ৰমণ চলাই আহিছে। অৱশ্যে ইয়াৰ ক্ষেত্ৰত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে লেবানন। আনহাতে লেবাননৰ দক্ষিণ অংশত ইজৰাইলৰ বিমান আক্ৰমণত এতিয়ালৈকে ৪৯২ জন লোক নিহত হোৱাৰ বিপৰীতে ১৬৪৫ জনতকৈ অধিক লোক আহত হৈছে।
নিহতসকলৰ ভিতৰত ২১টা শিশু আৰু ৩৯গৰাকী মহিলাও আছে। বেঞ্জামিন নেতান্যাহুৰ সেনাই হিজবুল্লাহৰ প্ৰায় ১১০০ টা স্থানত আক্ৰমণ কৰিছে। এই কথা মনত ৰাখি ইজৰাইল চৰকাৰে ৩০ ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশতে বিশেষ হোম ফ্ৰণ্ট পৰিস্থিতি অৰ্থাৎ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
যোৱা সোমবাৰে পুৱাৰে পৰা ইজৰাইলী সেনাই হিজবুল্লাহৰ বহু অঞ্চলত সন্ত্ৰাসবাদী লক্ষ্যত অহৰহ আক্ৰমণ চলাই আহিছে। এই সময়ছোৱাত বায়ুসেনাই কমেও ১১০০টা ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰে। এইবোৰ ঠাইত সন্ত্ৰাসবাদীয়ে ৰকেট, মিছাইল, লঞ্চাৰৰ দৰে বিপজ্জনক অস্ত্ৰ-শস্ত্ৰৰ ষ্টক ৰাখিছিল। আক্ৰমণৰ পৰিসৰ বৃদ্ধিৰ বিষয়ে কোৱাৰ সময়ত ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয় যে বেকা উপত্যকা খালী কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে।
ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি লেবাননত বাস কৰা লোকসকলক অতি সোনকালে অঞ্চলটো এৰি যাবলৈ সকীয়াই দিয়ে। এই সতৰ্কবাণীক গুৰুত্বসহকাৰে লবলৈয়ো আহ্বান জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ