আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হব ২০২৬ চন৷ আপুনি সিংহ ৰাশিৰ জাতক হলে নতুন বছৰ পেছাগত জীৱনত বৃহৎ পৰিবৰ্তন আহিব৷ জানি থওক টেৰো কাৰ্ডৰ গণনা অনুসৰি ২০২৬ চন কেনে হ’ব সিংহ ৰাশিৰ জাতকৰ ভাগ্য? ২০২৬ চনত শনিৰ দশা চলিব সিংহ ৰাশিত৷ এই কাৰণত আগন্তুক বছৰ খুব এটা ভালেৰে কটাব নোৱাৰিব এই ৰাশিৰ জাতকে৷ টেৰো কাৰ্ডৰ গণনাত দেখা গৈছে যে আগন্তুক বছৰ এই ৰাশিৰ জাতকৰ ব্যক্তিগত সম্পৰ্কত নানান ভুল বুজাবুজিয়ে দেখা দিব৷ আপোনাৰ সামাজিক পৰিচিতিয়ে নতুন মাত্ৰা পাব৷ এক কথাত ক’বলৈ গলে ২০২৬চনে সিংহ ৰাশিৰ জাতকক ধৈৰ্য্যৰ পৰীক্ষা লব৷ আৰ্থিক ওঠানমাৰ মাজেৰে বছৰটো যাব৷
কেনে থাকিব আৰ্থিক পৰিস্থিতি?
২০২৬ চনত আৰ্থিকভাৱে নানান ওঠানমা আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ বছৰৰ আৰম্ভণিতে মিশ্ৰ ফল পাব৷ নতুন উপাৰ্জনৰ পথ মুকলি হব৷ এই সময়ত অতিৰিক্ত অৰ্থ উপাৰ্জন হব পাৰে৷ ইয়াৰ সৈতে খৰচ বাঢ়িব৷ হাতত টকা পইছা নাথাকিব৷ একাধিক আৰ্থিক দায়িত্ব আপুনি পালন কৰিব লাগিব৷ খৰচ কৰাৰ পূৰ্বে বাজেট তৈয়াৰ কৰি লওক৷ বিনিয়োগ নকৰাই ভাল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















