অসম লাইভ ২৪ঃ মাত্ৰ ৮ মহীয়া গুপ্তচৰৰ জীৱন। তাৰ মাজতেই পুলৱামা আক্ৰমণৰ দৰে জঘণ্য হত্যাকাণ্ড ঘটাইছিল এইগৰাকী ব্যক্তিয়ে। জম্মু কাশ্মীৰত পাকিস্তানে কৰা একাধিক আক্ৰমণৰ নেপথ্যত থকা নায়ক আছিম মুনিৰক নতুন পাক সেনাপ্ৰধানৰ দায়িত্ব। বৃহস্পতিবাৰে নতুন সেনাপ্ৰধান হিচাপে আছিম মুনিৰৰ নাম ঘোষণা কৰিছে পাক প্ৰশাসনে। প্ৰধানমন্ত্ৰী ইমৰান খানৰ কট্টৰ বিৰোধী হিচাপে পৰিচিত লেফটেনেণ্ট জেনেৰেল আছিম মুনিৰক কিয় সেনাপ্ৰধানৰ দায়িত্ব দিয়া হ’ল এই বিষয়টোক লৈ নেটিজেনৰ মাজতো চৰ্চা।
চলিত বছৰৰ ২৯ নৱেম্বৰত সেনাপ্ৰধানৰ দায়িত্বত থকা কমৰ জাভেদ বাজোয়াই অৱসৰ গ্ৰহণ কৰিব। লেফটেনেণ্ট জেনেৰেল কমৰ জাভেদৰ অৱসৰৰ ১ সপ্তাহ পূৰ্বেই আছিম মুনিৰক নতুন পাক সেনা প্ৰধানৰ দায়িত্ব দিয়া হৈছে। শ্বাহবাজ শ্বৰিফ নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্তক লৈ বিশেষজ্ঞই কৰা দাবী অনুসৰি, ‘এইবাৰ আকৌ ৰক্তাক্ত হ’ব কাশ্মীৰ! যি কথাই নিসন্দেহে নতুন দিল্লীক চিন্তিত কৰিছে।’
লেফটেনেণ্ট জেনেৰেলৰ দায়িত্ব ল’বলৈ আগবঢ়া মুনিৰ প্ৰকৃততে কোন?
বৰ্তমানৰ পাক সেনাপ্ৰধান কমৰ জাভেদৰ ঘনিষ্ঠ মুনিৰ। সেইবাৰে পাক সেনাপ্ৰধানৰ দৌৰত আগবাঢ়ি আছিল মুনিৰ। নৰ্দানৰ ব্ৰিগেডিয়াৰ হৈ থকা কালত লেফটেনেণ্ট জেনেৰেল কমৰ জাভেদৰ নেতৃত্বই কাম কৰিছিল মুনিৰে। ২০১৭ চনত পাক গুপ্তচৰৰ দায়িত্ব লয় মুনিৰে। প্ৰথমে পাক গুপ্তচৰ সংস্থাৰ মিলিটেৰী ইনটেলিজেঞ্চৰ দায়িত্ব লাভ কৰে মুনিৰে। পৰবৰ্তীসময়ত ISI-ৰ ডাইৰেক্টৰ জেনেৰেল পদলৈ উন্নিত হয় মুনিৰ।
পুলৱামা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল মুনিৰ!
২০১৯ চনৰ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত CRPF কনভয়ৰ ওপৰত আত্মঘাতী আক্ৰমণ চলাইছিল পাক প্ৰশাসনৰ সহায় লাভ কৰা সন্ত্ৰাসবাদীয়ে। ভাৰতীয় গুপ্তচৰে এই আক্ৰমণ সন্দৰ্ভত চলোৱা বিশেষ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে এই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল ISI-ৰ ডাইৰেক্টৰ জেনেৰেল মুনিৰ। কেৱল সেয়াই নহয়, মুনিৰে ISI-ৰ ডাইৰেক্টৰ জেনেৰেল হৈ থকা কালতেই কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণো বৃদ্ধি পাইছিল। কিন্তু উল্লেখ্য যে পুলৱামা আক্ৰমণৰ ঘটনাৰ পাছতেই সেই সময়ৰ পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে সম্পৰ্কত ব্যৱধান আহে মুনিৰৰ। সেই সময়তেই মুনিৰৰ পত্নীৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল। দুৰ্নীতিৰ কথাবোৰ ভাইৰেল হৈ পৰাৰ পাছতেই সেই সময়ৰ পাক প্ৰধানমন্ত্ৰী ইমৰাণে মুনিৰৰ পদৰ পৰা আঁতৰাই লেফটেনেণ্ট জেনেৰেল ফৰাজ হামিদক সেই পদত অধিস্তিত কৰে। মাত্ৰ ৮ মাহ সময়হে ISI-ৰ ডাইৰেক্টৰ জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰে মুনিৰে। যি কাৰ্যকাল পাক গুপ্তচৰ সংস্থাৰ ইতিহাসত আটাতকৈ হ্ৰসম্যাদী কাৰ্যকাল বুলি অভিহিত। মাত্ৰ ৮ মাহ কাৰ্যকালতেই মুনিৰে পুলৱামা আক্ৰমণৰ দৰে ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ