অসম লাইভ২৪ঃ পৃথিৱীৰ বায়ুমণ্ডলৰ ২১ শতাংশ জুৰি আছে অক্সিজেন। কিন্তু বিজ্ঞানীসকলৰ আশংকা যে চিৰকাল অক্সিজেন একেই হাৰত নাথাকিব। এনে দিনো আহিব, য’ত অক্সিজেনৰ পৰিমান বহু পৰিমাণে কমি যাব। পৃথিৱীত ৰাজত্ব কৰিব মিথেন গেছে। নিশাৰ ভিতৰতেই পৃথিৱীৰ স্বৰূপ সলনি হৈ পৰিব।
অক্সিজেন। এই পৃথিৱীৰ প্ৰাণবায়ুৱেই হৈছে অক্সিজেন। আমাৰ নীলা ৰঙৰ গ্ৰহৰ বায়ুমণ্ডলৰ ২১ শতাংশ জুৰি আছে এই জীৱনদায়ী গেছ। কিন্তু বিজ্ঞানীসকলৰ আশংকা যে চিৰকাল এনেদৰে সকলো নাথাকে। এনে দিনো আহিব য’ত অক্সিজেনৰ পৰিমাণ কমি যাব। পৃথিৱীত ৰাজত্ব কৰিব মিথেন গেছে। ২০২১ চনৰ বিখ্যাত ‘নেচাৰ’ জাৰ্নেলত প্ৰকাশিত গৈছিল এখন গৱেষণাপত্ৰ। তাতেই উল্লেখ কৰা হৈছে এই সম্ভাৱনাৰ কথা। এই গৱেষণা পত্ৰখনত লগতে কোৱা হৈছে পৃথিৱীত এই পৰিবৰ্তন যেতিয়া হ’ব তেতিয়া সমগ্ৰ পৃথিৱীৰ ৰূপেই সলনি হৈ যাব। কেইটামান মুহূৰ্তৰ ভিতৰতেই পৃথিৱী পিছুৱাই যাব। আজিৰ পৰা ২৪০ কোটি বছৰ পাছত এই পৰিবেশৰ সৃষ্টি হ’ব পৃথিৱীত।
এই সমগ্ৰ প্ৰক্ৰিয়াটোক বিজ্ঞানীয়ে নাম দিছে ডিঅক্সিজেনেশ্ব্যন। প্ৰাগৈতিহাসিক পৃথিৱীত কাৰ্বন ডাই অক্সাইড, মিথেন আৰু জলীয় বাষ্পই আছিল। অদূৰ ভৱিষ্যতে পৃথিৱীত এই পৰিস্থিতিৰেই সৃষ্টি হ’ব। গৱেষকে এই বিষয়ে জনাইছে, কেনেকৈ সূৰ্যৰ উজ্জ্বলতা বঢ়াৰ লগে লগে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস পায়।
এই নীলা গ্ৰহ বা পৃথিৱীত অক্সিজেনৰ সলনি মিথেনৰ আধিপত্য বিস্তাৰৰ সেই ভয়ংকৰ দিন আৰম্ভ হ’বলৈ মাজত আৰু কিমান দিন আছে সেই বিষয়েও বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা চলাই আছে। বিজ্ঞানীৰ ধাৰণা যে এই সময় আৰম্ভ হ’ব আৰু ১০০ কোটি বছৰৰ পাছত। তাৰপিছতেই এই পৃথিৱী জীৱৰ বসবাসৰ উপযোগী হৈ থাকিবনে নাথাকে সেই বিষয়েও বিশদ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে বিজ্ঞানীমহলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ