লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল
প্ৰেম কৰি বহু সময় ধৰি লিভ ইনত আছিল প্ৰেমিক প্ৰেমিকা। পাছে কিমান আৰু থাকিব তেনেদৰে। যাৰ কাৰণে বিয়াৰ বাবে জোৰ কৰে প্ৰেমিকাই। পাছে সেয়াই ভুল হৈ পৰিল। বিয়াৰ বাবে জোৰ কৰি প্ৰাণ হেৰুৱালে প্ৰেমিকাই।
মহাৰাষ্ট্ৰৰ এই খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। পলাতক প্ৰেমিকক আৰক্ষীয়ে পশ্চিমবংগৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে। মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হৈছে এই ঘটনা।
প্ৰেমিকে ২২ বৰ্ষীয় প্ৰেমিকাক কাটি টুকুৰা টুকুৰ কৰি ভাড়া ঘৰতে পেলাই থৈ যায় মৃতদেহ। পাছত দুদিন মান যোৱাত ১৫ মাৰ্চ তাৰিখে যেতিয়া সেই মৃতদেহৰ পৰা দুৰ্গন্ধ বিয়পি পৰে তেতিয়াই ঘৰৰ মালিকে কোঠাটো খুলি ক্ষত-বিক্ষত মৃতদেহটো প্ৰত্যক্ষ কৰে।
ঘৰৰ মালিকে জনোৱা অনুসৰি বিবাহিত বুলি কৈহে সেই ঘৰটোত ভাড়া কৰি আছিল দুয়ো। ঘৰৰ মালিকে এতিয়াহে জানিব পাৰিছে সেয়া মিছা আছিল।
আৰক্ষীয়ে বহু সন্ধানৰ অন্তত আজি ৩০ মাৰ্চ তাৰিখেহে ২৬ বৰ্ষীয় হত্যাকাৰী প্ৰেমিক নিজামুদ্দিন আব্দুল আজীজক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ