অসম লাইভ ২৪ঃ কোভিড পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এই বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। বিয়লি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই বৈঠক। কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব আলোচনা। কোভিড-১৯ নতুন ষ্ট্ৰেইন অমিক্ৰনৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই জৰুৰী বৈঠকৰ আহ্বান কৰা হৈছে৷ সকলো ৰাজ্যৰ কোভিড পৰিস্থিতি সম্পৰ্কত বুজ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে৷
দ্ৰুতগতিত বৰ্ধিত সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি, দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যসমূহে বিভিন্ন নীতি-নিৰ্দেশনা আৰোপ কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দেশৰ কোভিড পৰিস্থিতি, স্বাস্থ্য আন্তঃগাঁথনি আৰু যোগান ব্যৱস্থাৰ বাবে চলি থকা প্ৰস্তুতি, দেশত টিকাকৰণ অভিযানৰ স্থিতি, অমিক্ৰনৰ বিস্তাৰ আৰু ইয়াৰ জনস্বাস্থ্যৰ প্ৰভাৱ পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে জিলাসমূহত পৰ্যাপ্ত স্বাস্থ্য আন্তঃগাঁথনি নিশ্চিত কৰিবলৈ আৰু মিছন মোডত প্ৰাপ্তবয়স্কসকলৰ বাবে টিকাকৰণ অভিযান তীব্ৰতৰ কৰিবলৈ আহ্বান জনাইছিল। তাৰ পিছত আজি ৰাজ্যসমূহৰ পৰিস্থিতি, প্ৰস্তুতি আৰু ৰাজহুৱা স্বাস্থ্য সুবিধাৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠক আহ্বান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ