ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ’বলৈ গৈ আছে নতুন চৰকাৰ
এপ্ৰিলৰ পৰা আৰম্ভ কৰি জুনৰ ১ তাৰিখলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছতে দেখা দিয়া দৃশ্যপটে ৰাজনৈতিক মহলত জোৱাৰ আনিছিল। বিজেপিয়ে ২৪০খন আসনেৰে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে যদিও সংখ্যাগৰিষ্ঠতাৰ পৰা ৩২খন আসন দূৰত।
অৱশ্যে বিজেপি নেতৃত্বাধীন এন ডি এৰ সংখ্যাগৰিষ্ঠতা আছে ২৯৪খন আসন। কিন্তু ইয়াৰ পাছতো চৰকাৰখন কেৱল বিজেপিয়েহে গঠন কৰিব বুলি কোনেও নিশ্চয়তা দিব পৰা নাছিল। কিয়নো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ পৰা প্ৰকাশ পোৱা নাছিল স্পষ্টতা।
দ্বিতীয় কাৰ্যকালৰ অন্তিমখন কেবিনেট বৈঠকত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় – বিজয় আৰু পৰাজয় ৰাজনীতিৰ অংশ। তাৰ পাছতে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰে। আৰু পাছত নতুন চৰকাৰ গঠনৰ বাবে এক ৰুদ্ধদ্বাৰ বৈঠকৰ আয়োজন কৰে। সেই বৈঠকত মিলিত হয় নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু।
প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত অনুষ্ঠিত এনডিএৰ বৈঠকত নীতিশ কুমাৰ আৰু টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে সমৰ্থন পত্ৰ প্ৰদান কৰা বুলি সূত্ৰ প্ৰকাশ। আজি এন ডি এৰ মিত্ৰশক্তিয়ে চৰকাৰ গঠনৰ বাবে অংশীদাৰিত্ব দাবী কৰিব আৰু একে কামৰ বাবে প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।
সমৰ্থন পত্ৰ লাভৰ পাছতে এতিয়া এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। অহা ৮ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। পাছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দাবী পূৰণ হ’ল নে নাই সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই। সময়তহে জানিব পৰা যাব কোনে কোনে লাভ কৰিব কি কি মন্ত্ৰীত্ব পদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ