পুনৰ মাজ আকাশত অঘটন, যাত্ৰী ভৰ্তি বিমান সন্ধানহীন, ধ্বংস হোৱাৰ সম্ভাৱনা
গুজৰাট-ঢাকাৰ পাছত এইবাৰ ৰাছিয়াৰ পৰা আহিছে ভয়ংকৰ খবৰ। মাজ আকাশতে সন্ধানহীন যাত্ৰী ভৰ্তি বিমান। বিমানখন এতিয়া ধ্বংস হোৱাৰ আশংকাই দেখা দিছে। দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল পাইলট, ক্ৰু মেম্বাৰৰ ৬ জনীয়া দল সহ প্ৰায় ৫০ যাত্ৰী।
এতিয়া সকলো যাত্ৰীসহিতেই বিমানখন ধ্বংস হোৱাৰ আশংকাই দেখা দিছে। এই দুৰ্ঘটনা সংঘটিত হৈছে চীন সীমান্তৰ ৰাছিয়াৰ আমুৰ অঞ্চলত। প্ৰাথমিক তথ্যত জানিব পৰা মতে বিমানখনত ৬ গৰাকী ক্ৰু-মেম্বাৰ আৰু ৪৩ গৰাকী যাত্ৰী আছিল। ইয়াৰে ৫ টি শিশু ।
আংগাৰা এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত বিমানখনৰ নম্বৰ-এএন-২৪ টুইন টাৰ্বোপ্ৰপ। চাইবেৰিয়াস্থিত আংগাৰা এয়াৰলাইন্স নামৰ বিমান সংস্থাটোৱে জানিবলৈ দিয়া অনুসৰি চীনৰ গাতে লাগি থকা আমুৰ অঞ্চলত অৱস্থিত টিণ্ডা নামৰ গন্তব্যস্থানৰ কাষ চাপি অহাৰ সময়তে যোগাযোগ বন্ধ হৈ পৰিছিল বিমানখনৰ সৈতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















