শুকুৰবাৰে দেশজুৰি পালিত হৈছে কাৰ্তিক পূৰ্ণিমা বা ৰাসপূৰ্ণিমা৷ প্ৰাচীন ৰীতি অনুসৰি এই তিথি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ৷ এই দিনটোত বিষ্ণু পূজা, দান আৰু গংগা স্নান কৰিলে সমস্ত সমস্যা দূৰ হয় আৰু পাপ ধ্বংস হয় বুলি বিশ্বাস৷ এই বছৰ কাতি পূৰ্ণিমাত কেইবাটাও শুভ যোগ আছে৷ কিছু ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো অৰ্থলাভৰ দিন৷
মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই শুভ৷ প্ৰচুৰ অৰ্থলাভৰ যোগ আছে৷ সম্পৰ্কত সমস্যা আহিলে দূৰ হ’ব৷ ব্যৱসায়ীসকলে অবাধ সুযোগ সুবিধা পাব৷ এই দিনটো কৰ্কট ৰাশিৰ বাবেও শুভ৷ দীৰ্ঘদিনৰ আধৰুৱা কাম সম্পূৰ্ণ হ’ব৷ পৰিশ্ৰমৰ সুফল লাভ কৰিব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ নানান দিশৰ পৰা আহিব অৰ্থনৈতিক সুবিধা৷ ৰাস পূৰ্ণিমা তিথিৰ পৰা নিশাৰ ভিতৰতে আৰ্থিক উন্নতি হ’ব কুম্ভ ৰাশিৰ জাতক জাতিকাৰ৷ পাৰিবাৰিক বিবাদ আৰু দ্বন্দৰ পৰা মুক্ত হ’ব৷ সুকৰ্মত যোগদান আৰু তাৰ ফল এই সময়তে লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















