পিতৃপক্ষৰ প্ৰথম দিনাই অৰ্থাৎ ভাদমাহৰ পূৰ্ণিমা তিথি জ্যোতিষশাস্ত্ৰ আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা খুবেই বিশেষ হব৷ কাৰণ এই দিনটোতেই ২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণ হব৷ এই গ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান হব সেয়ে এই গ্ৰহণৰ সূতক কাল বৈধ হব৷ পিতৃপক্ষত চন্দ্ৰগ্ৰহণৰ ফলত পূৰ্বপুৰুষৰ সন্তুষ্টিৰ বাবে কৰা শ্ৰাদ্ধনুষ্ঠানৰ ওপৰতো বিশেষ প্ৰভাৱ পৰে আৰু গ্ৰহণৰ সময়ত কৰা দান আৰু সৎকৰ্মৰ ফলো অসীমভাৱে বৃদ্ধি পায়৷ জ্যোতিৰ্বিদ্যা সংক্ৰান্তিয় ঘটনাসমূহত আগ্ৰহীসকলৰ বাবে এই গ্ৰহণ বিশেষ হব কাৰণ এই গ্ৰহণতেই দেখা যাব ব্লাড মুন অৰ্থাৎ ৰঙা চন্দ্ৰ আপুনিও দেখিবলৈ পাব৷
২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰ দেওবাৰে হব৷ এই গ্ৰহণ শনিৰ ৰাশি কুম্ভ আৰু পূৰ্বভাদ্ৰপদ নক্ষত্ৰত ঘটিছে৷ এই সময়ত ৰাহু আৰু চন্দ্ৰ উভয়েই কুম্ভ ৰাশিত অৱস্থান কৰিব যাৰ কাৰণে মানুহৰ বাবে মানসিক চাপ, সামাজিক মতবিৰোধ আৰু আদৰ্শিক দ্বন্দ্ব বাঢ়িব পাৰে৷ ইয়াৰ সৈতে বৃহস্পতি হৈছে দেৱতাসকলৰ গুৰু, পূৰ্বভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি, এই নক্ষত্ৰত গ্ৰহণৰ কাৰণে ধৰ্মীয় আচাৰ অনুষ্ঠানত ব্যাঘাত, পাৰিবাৰিক বিৰোধ আৰু স্বাস্থ্য সম্পৰ্কিত সমস্যাৰো সন্মুখীন হব পাৰে৷
এইবাৰ ২০২৫ চনৰ পিতৃপক্ষত দুটাকৈ গ্ৰহণ পৰিছে৷ প্ৰথম গ্ৰহণ হল চন্দ্ৰগ্ৰহণ যি ৭ ছেপ্টেম্বৰত আৰু দ্বিতীয়টো হৈছে সূৰ্যগ্ৰহণ যি ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হব৷ ইয়াৰোপৰি পিতৃপক্ষ ৭ ছেপ্টেম্বৰত আৰম্ভ হৈ শেষ হব ২১ ছেপ্টেম্বৰত৷ পিতৃপক্ষত চন্দ্ৰগ্ৰহণে পূৰ্বপুৰুষৰ সন্তুষ্টি আৰু শ্ৰাদ্ধ কৰ্মৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব৷ ভাৰতত চন্দ্ৰগ্ৰহণ দৃশ্যমান হব সেয়ে এই গ্ৰহণৰ সূতক কাল বৈধ হব৷ চন্দ্ৰগ্ৰহণৰ সূতক কাম ৯ঘণ্টা আগতেই আৰম্ভ হয়৷ ইয়াৰ অৰ্থ ৭ ছেপ্টেম্বৰত গ্ৰহণৰ সূতক কাল দুপৰীয়া ১২.৫৯ মিনিটৰ পৰা আৰম্ভ হব আৰু মোক্ষকাল অৰ্থাৎ নিশা গ্ৰহণৰ সমাপ্তি পৰ্যন্ত চলিব সূতক কাল৷ সূতক কালত খোৱাবোৱা, মলত্যাগ কৰা আৰু প্ৰস্ৰাৱ কৰাৰ পাছত গা নোধোৱাকৈ পূজা কৰা নিষেধ৷ গৰ্ভবতী মহিলাসকলে বিশেষভাৱে সতৰ্ক থকা উচিত কাৰণ গ্ৰহণে অনাগত সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ ধৰ্মীয় গ্ৰন্থ অনুসৰি এই সময়ত জপ, তপস্যা, পাঠ আৰু ধ্যান অত্যন্ত ফলপ্ৰসূ৷
ভাৰতৰ ওপৰিও ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানি, ইটালিসহ বহু ইউৰোপীয় দেশত দেখা যাব গ্ৰহণ৷ আফ্ৰিকাৰ বেছিভাগ দেশ ক্ৰমে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু আমেৰিকাৰ কিছু অংশতো দৃশ্যমান হব গ্ৰহণ৷ জ্যোতিষীৰ মতে ৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণত ৰক্তবৰ্ণৰ চন্দ্ৰ দেখা যাব৷ এই গ্ৰহণত তিনিৰাশিৰ ভাগ্য উথলি উঠিব৷
মিথুন ৰাশি
জ্যোতিষীৰ মতে ৭ ছেপ্টেম্বৰৰ চন্দ্ৰগ্ৰহণ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ হব৷ ২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণে মিথুন ৰাশিৰ জাতকৰ জীৱনত দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন কৰিব৷ এই গ্ৰহণৰ প্ৰভাৱত আৰ্থিক অৱস্থা শক্তিশালী হব আৰু আয়ৰ নতুন পথ উন্মোচিত হব৷ লক্ষ্য অৰ্জনৰ বাবে আৰু ভাল পৰিস্থিতি তৈয়াৰ হব আৰু অৰ্থ সম্পৰ্কিত সমস্যা সমাধান হব৷ যিসকলে চাকৰি বা ব্যৱসায় কৰি আছে তেওঁলোকে ভাল সুবিধা পাব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ অৱস্থান শক্তিশালী হব৷
ধনু ৰাশি
২০২৫ চনৰ চন্দ্ৰগ্ৰহণ ধনু ৰাশিৰ কৰ্মজীৱীসকলে কেৰিয়াৰত নতুন পথত যাত্ৰা আৰম্ভ কৰাৰ সুযোগ পাব৷ অফিচত আপোনাৰ দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত আপোনাৰ পৰিকল্পনা সফল হব৷ অবিবাহিত ব্যক্তিয়ে ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ সমাজত সন্মান বৃদ্ধি পাব আৰু এই ৰাশিৰ লোকৰ ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
মকৰ ৰাশি
২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণ মকৰ ৰাশিৰ জাতকৰ বাবে শুভ হব৷ মকৰ ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ চাকৰি আৰু ব্যৱসায়ত দুৰ্দান্ত উন্নতি কৰিব পাৰিব৷ গ্ৰহণৰ শুভ প্ৰভাৱত আয়ৰ নতুন উৎস তৈয়াৰ হব আৰু আৰ্থিক অৱস্থা শক্তিশালী হব৷ আপোনাৰ সমস্যাসমূহ ধীৰে ধীৰে শেষ হব আৰু আপুনি প্ৰতিটো পদক্ষেপত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ