অসম লাইভ ২৪ঃ আপুনি একো কাম নকৰাকৈ এটা আৰামৰ জীৱন পাৰ কৰিব বিচাৰে নেকি? শুই-বহিয়েই কটাব বিচাৰে নেকি ওৰেটো জীৱন? তেন্তে আপোনাৰ বাবে এটা সুখবৰ। ইতিমধ্যে চুবুৰীয়া দেশ চীনত উদ্ভাৱন হৈছে শুই-বহিয়েই বিন্দাছ লাইফ কটাব পৰা কৌশল। আজিৰ পৰা ৫ বছৰ পূৰ্বে এই সূত্ৰৰ উদ্ভাৱন কৰিছিল চীনৰ এজন যুৱক লো হোৱাজঙে। ইয়াৰ পূৰ্বে এটা ফেক্টৰীত কৰ্মৰত আছিল যুৱকজন। ফেক্টৰীটোত কৰ্মৰত অৱস্থাতেই হোৱাজঙে এদিন ভাবিলে একো নকৰাকৈ কেনেকৈ জীৱন কটাব পাৰি? অৱশেষত উদ্ভাৱন কৰিলে সূত্ৰটো। যাৰ নাম দিলে lying flat। এই সূত্ৰ অনুসৰি বিয়া নপতাকৈ, সন্তান জন্ম নিদিয়াকৈ, কোনো চাকৰি নকৰাকৈ অত তত পৰি পাৰ কৰিব পাৰি এটা সাধাৰণ জীৱন। যি সময়ত চীনত সপ্তাহৰ ৬ দিনত ১২ ঘণ্টাকৈ কাম কৰাৰ সংস্কৃতি গঢ় লৈ উঠিছে, তেনে সময়তে যুৱকজনে উদ্ভাৱন কৰা এই সূত্ৰৰ প্ৰতি আকৃষ্ট হৈছে দেশখনৰ অধিকাংশ যুৱ সমাজ। যুৱ প্ৰজন্মৰ মাজত বাঢ়ি অহা এই প্ৰৱণতা দেখি উদ্বিগ্ন হৈ পৰিছে চীন চৰকাৰ। ইতিমধ্যে চীন চৰকাৰে প্ৰায় ৯ হাজাৰ যুৱকৰ ছ’চিয়েল মিডিয়া পোষ্ট ডিলিট কৰাইছে। এনে হৈ থাকিলে অতিশীঘ্ৰেই চীনত নিষিদ্ধ হ’ব lying flat।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















