অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী মোদীৰ ১০০ সংখ্যক ‘মন কি বাত’ ক লৈ দেশজুৰি চৰ্চা। প্রধানমন্ত্ৰীয়ে আগবঢ়োৱা এই ৰেডিঅ’ অনুষ্ঠানে দেশৰ প্ৰায় সকলো শ্ৰেণীৰ লোকেই শুনে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন (আইআইএমচি)য়ে প্ৰকাশ কৰা এক বিশেষ অধ্যয়নত দেখা গৈছে যে ৭৬% ভাৰতীয় সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’য়ে দেশবাসীৰ সৈতে প্ৰকৃত ভাৱৰ বিনিময়ত বিশেষ ভূমিকা পালন কৰে।
দেশত জ্ঞানৰ প্ৰসাৰ আৰু ‘দেশক লৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী’ এই দুটা গুৰুত্বপূৰ্ণ বিষয়ক লৈয়েই ‘মন কি বাত’ অনুষ্ঠানটো আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু যিসমূহ এলেকাত ৰেডিঅ’ সংযোগ নাই সেইসকল লোকে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ শুনেনে? এই সন্দৰ্ভত বহুলোকেই সন্দীহান হৈ থকাৰ বাবেই এক সমীক্ষাও চলাইছিল। এই সমীক্ষাত পোৱা গৈছে যে, গ্ৰাম্যাঞ্চলৰ ৰেডিঅ’ নথকা লোকেও প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ শুনে। তেওঁলোকে আন মাধ্যমতকৈ ইউটিউবক ‘মন কি বাত’ শুনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। দেশৰ ৭৬ শতাংশ লোকৰ ধাৰণা এয়ে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কি বাত’ত গণতান্ত্ৰিক পদ্ধতিত সোমাই পৰে।
‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰা কোনটো বিষয়ে জনসাধাৰণক আটাইতকৈ বেছি প্ৰভাৱিত কৰে সেই বিষয়েই জানিবলৈ চেষ্টা কৰিছিল সমীক্ষাত থকা দলটোৱে। ইয়াৰ উত্তৰত, ৪০% উত্তৰদাতাই কৈছে যে, ‘মন কি বাত’ৰ পৰা শিক্ষামূলক বহু কথা তেওঁলোকে জানিব পাৰিছে। ইফালে ২৬ শতাংশই জনাইছে যে ‘মন কি বাত’ৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলৰ বিষয়ে দেশে জানিব পাৰিছে।
উল্লেখ্য যে ইয়াৰোপৰি ‘মন কি বাত’ত প্রধানমন্ত্ৰীয়ে কোৱা বিষয়সমূহ কেনেদৰে লয় জনতাই? বা কাৰ কাৰ সৈতে এই বিষয়টো শ্বেয়াৰ কৰে তাৰ ওপৰতো সমীক্ষা চলোৱা হৈছে। এই সমীক্ষাত ৩২ শতাংশই কৈছে যে, তেওঁলোকে মন কি বাতত প্রধানমন্ত্ৰীয়ে কোৱা প্ৰত্যেকটো কথাই পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰে। ইপিনে ২৯ শতাংশ লোকে এই বিষয়ে বন্ধু আৰু সহকৰ্মীৰ সৈতে আলোচনা কৰে। এই সমীক্ষাত পোৱা আন এক তথ্য হৈছে যে, ১২ শতাংশ লোকে ৰেডিঅ’ত, ১৫ শতাংশ লোকে টেলিভিছনত, ৩৭ শতাংশ লোকে ‘মন কি বাত’ ইণ্টাৰনেট প্লেটফৰ্মত শুনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ