বলিউদৰ একালৰ ১ নম্বৰ স্থানৰ অভিনত্ৰী মাধুৰী দীক্ষিত৷ আমেৰিকান নিৱাসী চিকিৎসক ডাঃ শ্ৰীৰাম নেনেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এতিয়া দুই সন্তানৰ সুখৰ সংসাৰ মাধুৰী দীক্ষিতৰ৷
এই মাধুৰী দীক্ষিত আৰু ডাঃ শ্ৰীৰাম নেনে এতিয়া পুনৰ এক বিশেষ কাৰণত সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷
পিংকভিল্লাৰ মতে চেলিব্ৰেটি দম্পতীহালে মুম্বাইৰ এক সম্ভ্ৰান্ত এলেকাত এটা ফ্লেট ভাৰাত লৈ বিশেষ চৰ্চালৈ আহিছে৷ মু্ম্বাই সম্ভ্ৰান্ত এলেকা ৱাৰ্লিত দম্পতীহালে এটা ভাৰাঘৰ লৈছে৷ আৰু এই ফ্লেটৰ মাহিলি ভাৰা হৈছে ১২.৫ লাখ টকা৷
লগতে পঢ়ক ৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!
প্ৰকাশ পোৱা মতে এই ফ্লেটটো আছে মাধুৰী দীক্ষিত আৰু শ্ৰীৰাম নেনেৰ এপাৰ্টমেন্টৰ ২৯ নং মহলাত য’ৰ পৰা দৃষ্টিনন্দন মুম্বাই চহৰখন দৰ্শন কৰিব পাৰি৷ কাৰ্পেট এৰিয়াৰ উক্ত বিলাসী ফ্লেটটোৰ ৫,৫০০ বৰ্গফুটৰ৷
সামাজিক মাধ্যমত ফ’টো শ্বেয়াৰ কৰা উক্ত ফ্লেটটো দম্পতীহালৰ বাবে সজাই তুলিছে ডিজাইনাৰ অপূৰ্ব শ্ৰফে৷
লগতে পঢ়ক স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী
ইফালে মোহময়ী অভিনেত্ৰীগৰাকীৰ শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মতো অভিষেক ঘটিছে৷
বিজয় নাম্বীয়াৰ আৰু কৰিশ্মা কোহলীৰ পৰিচালিত দ্য ফেম গেম নামৰ চিৰিজটোত সঞ্জয় কাপুৰ আৰু মানৱ কৌলৰ সৈতে অভিনয় কৰিছে মাধুৰী দীক্ষিতে৷ ৱেব চিৰিজটো যোৱা ২৫ ফেব্ৰুৱাৰিৰ পৰা নেটফ্লিক্সত আৰম্ভ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ