গুৱাহাটীৰ পৰা বিক্ৰী কৰ বিভাগ(Sale Tax Department)ৰ এটা দলে নগাঁও চহৰৰ বহু ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলোৱাৰ কথা জানিব পৰা গৈছে৷
চহৰখনৰ বৰবজাৰ. ঢাকাইপট্টি, হয়বৰগাঁও, লক্ষীনগৰত বিক্ৰী কৰ বিভাগৰ দলটোৱে জিএছটিৰ তথ্য বিচাৰি অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷
বিক্ৰী কৰ বিভাগৰ দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ জিএছটি তথ্য বিচাৰি অভিযান চলোৱাত স্থানীয় সতেচন লোকে সন্তোষ প্ৰকাশ কৰিলেও দলটোৰ এক ৰহস্যজনক কাণ্ডই সন্দেহৰ সৃষ্টি কৰিছে৷
লগতে পঢ়ক প্ৰেমিকৰ আগত পদা নিষিদ্ধ! পাদিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হ’ল জনপ্ৰিয় গায়িকা প্ৰেমিকা
বিক্ৰী কৰ বিভাগৰ অভিযানকাৰী দলটোৱে হয়বৰগাঁৱৰ এখন বিলাসী হোটেল পীয়ুষ ৰিজেন্সীত বাহৰ পাতি যোৱা ৪ টা দিন অভিযান চলোৱাৰ কাণ্ডই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
অভিযাকাৰী দলটোৱে চহৰখনৰ অভিজাত ব্যৱসায়ীসকলক উক্ত বিলাসী হোটেললৈ তলৱ কৰি জেৰা চলোৱা বুলি জানিব পৰা গৈছে৷
লগতে পঢ়ক ৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!
স্থানীয় একাংশ লোকে হোটেলখনৰ ১০১, ১০২ আৰু ১০৩ কোঠাত বাহৰ পাতি এইদৰে দলটোৱে জিএছটি তথ্য দিবলৈ সক্ষম নোহোৱা ব্যৱসায়ীৰে দৰদাম চলোৱাৰ অভিযোগ উত্থাপন কৰিছে৷
আনহাতে যোৱা ৪ টা দিন ধৰি এখন বিলাসী হোটেলত বাহৰ পাতি অভিযানকাৰী দলটোৱে ৰহস্যজনকভাৱে অভিজাত ব্যৱসায়ীসকলক তলৱ কৰা কাণ্ডই চহৰখনৰ ব্যৱসায়ীসকলৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ