মধ্যপ্ৰদেশ হাইকৰ্টৰ জৱলপুৰ বেঞ্চে এক গুৰুত্বপূৰ্ণ ৰায়ত পুনৰায় স্পষ্ট কৰিছে যে, প্ৰাপ্তবয়স্ক নাৰীয়ে তেওঁৰ নিজৰ পছন্দৰ ব্যক্তিৰ সৈতে বসবাস কৰাৰ মৌলিক অধিকাৰ আছে৷ আদালতে জনাইছে যে এনে কোনো আইন নাই যি প্ৰাপ্তবয়স্ক আৰু স্বনিৰ্ধাৰিত মানসিক ক্ষমতাসম্পন্ন নাৰীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে ৰখাব পাৰিব৷ আনকি তেওঁ যদি বিবাহৰ পুৰুষৰ সৈতে থাকিব খোজে তেতিয়াও তেওঁক কোনোৱে ৰখাব নোৱাৰিব৷
ন্যায়াধীশ অমূল শ্ৰীধৰণ আৰু ন্যায়াধীশ প্ৰদীপ মিত্তলৰ সমন্বয়ত গঠিত ডিভিছন বেঞ্চে এই পৰ্যবেক্ষণ দিছে৷ ৰায়ত আদালতে মন্তব্য কৰে, ‘যদি সেই নাৰীয়ে পৰবৰ্তী সময়ত সেই পুৰুষক বিয়াও কৰায় সেয়া “non-cognizable offence” হ’ব৷ একমাত্ৰ প্ৰথম স্ত্ৰীয়ে তেতিয়া স্বামী আৰু দ্বিতীয় নাৰীৰ বিৰুদ্ধে দ্বিবিবাহৰ অভিযোগত গোচৰ কৰিব পাৰিব৷
আদালতত হাজিৰ হোৱা এজন ব্যক্তি( নাম প্ৰকাশৰ বাবে অনিচ্ছুক) এগৰাকী তৰুণীক তেওঁৰ পৰিয়ালে উভতাই নিব খুজিছিল৷ তৰুণীৰ বয়স ১৮ বছৰতকৈ বেছি বুলি নথিপত্ৰত নিশ্চিতও হয়৷ জনা গৈছে তেওঁ স্বেচ্ছাই এজন পুৰুষৰ সৈতে ঘৰ এৰিছিল৷ আদালতত প্ৰশ্নৰ উত্তৰত তৰুণীয়ে কয় যে তেওঁ নিজ ইচ্ছাৰে সেই ব্যক্তিৰ সৈতে থাকিব খোজে আৰু পিতৃ মাতৃৰ কাষলৈ তেওঁ উভতি যাব নিবিচাৰে৷
পিটিছনাৰ পক্ষৰ অধিবক্তা আয়ুষ শৰ্মাই যুক্তি দিয়ে, যিহেতু সেই পুৰুষ ইতিমধ্যেই বিবাহিত সেয়ে নাম প্ৰকাশত অনিচ্ছুক এই তৰুণীক ঘৰলৈ উভতি যোৱাৰ বাবে পৰামৰ্শ দিব লাগে৷ কিন্তু তেতিয়াই আদালতে স্পষ্টকৈ জনায় দিয়ে যে তৰুণী যদি প্ৰাপ্তবয়স্ত হয় তেন্তে তেওঁৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে৷ বেঞ্চত কোৱা হয়, ‘এগৰাকী প্ৰাপ্তবয়স্কক পশুৰ দৰে চালিত কৰিব নোৱাৰিব৷ নিজস্ব মন, চিন্তাশক্তি আৰু সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে৷ সেয়া সঠিক হওক বা ভুল তেওঁ কাৰ সৈতে থাকিব সেয়া নিজেই স্থিৰ কৰিব৷’
চৰকাৰী পক্ষৰ অধিবক্তা ডেপুটি এডভোকেট জেনেৰেল অভিজিৎ আওয়াস্থিয়ে আদালতক জনায়, আৰক্ষীৰ তথ্য অনুসৰি সেই পুৰুষে ইতিমধ্যেই তেওঁৰ প্ৰথম পত্নীক এৰি দিছে বা ডিভোৰ্ছৰ প্ৰক্ৰিয়াত আছে৷ এই তথ্য নথিভুক্ত কৰি আদালতে মন্তব্য কৰে যে কেৱলমাত্ৰ বিবাহিত হোৱাৰ কাৰণেই সেই পুৰুষৰ সৈতে নাম প্ৰকাশত অনিচ্ছুক তৰুণীয়ে বসবাস কৰিব নোৱাৰিব তেনে কোনো আইনগত বাধা নাই৷
ৰায়ত বেঞ্চে স্পষ্ট কৰি দিয়ে যে নৈতিকতাৰ প্ৰশ্ন আদালতৰ কাম নহয়৷ আইনমতে প্ৰাপ্তবয়স্ক নাৰীৰ স্বাধীনতা সুৰক্ষিত হব লাগে৷ আদালতে নিৰ্দেশ দিয়ে যে নাম প্ৰকাশত অনিচ্ছুক তৰুণী পিতৃ মাতৃৰ কাষলৈ উভতি যাবলৈ ৰাজী নহয় যেতিয়া তেওঁক জোৰ কৰাৰ অধিকাৰ পিতৃ মাতৃৰ নাই৷ তেওঁক মুক্ত কৰি দিয়ক৷
গোটেগাওঁ জিলা নাৰ্ছিংহপুৰৰ ডি এছ পি মানীশ ত্ৰিপাঠীৰ মাধ্যমেৰে আৰক্ষীক কোৱা হৈছে যে দুটা চৰ্তত তৰুণীৰ মুক্তি হব
- তৰুণীয়ে লিখিত অংগীকাৰ দিব লাগিব যে তেওঁ নিজ ইচ্ছাৰে সেই ব্যক্তিৰ সৈতে বসবাস কৰিছে৷
- সংশ্লিষ্ট পুৰুষেও লিখিতভাৱে স্বীকাৰোক্তি দিব লাগিব যে তেওঁ তৰুণীৰ সংগ গ্ৰহণ কৰিছে৷
এই চৰ্ত পূৰণ হলে আদালতৰ নিৰ্দেশমতে তৰুণীক মুক্তি দি তেওঁৰ নিৰ্বাচিত সংগীৰ কাষলৈ যাবলৈ দিয়া হব৷ ইয়াৰ সৈতে আদালতে গোচৰৰ নিষ্পত্তি কৰিব৷
আদালতৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ
- এগৰাকী প্ৰাপ্তবয়স্ক নাৰীয়ে তেওঁৰ পছন্দৰ ব্যক্তিৰ সৈতে বসবাস কৰাত কোনো আইনে বাধা দিব নোৱাৰে৷
- নৈতিকতাৰ ওপৰত আদালতে ভাষণ দিব নোৱাৰে৷ আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা৷
- যদি তেওঁ বিবাহিত পুৰুষক বিয়া কৰাই তেতিয়া কেৱলমাত্ৰ প্ৰথম স্ত্ৰীয়ে দ্বিবিবাহৰ গোচৰ তৰিব পাৰে৷
- এই ৰায়ক আইনজগতত তাৎপৰ্যপূৰ্ণ হিচাপে চোৱা হৈছে কাৰণ ই পুনৰায় নিশ্চিত কৰে যে ব্যক্তিগত স্বাধীনতা আৰু প্ৰাপ্তবয়স্ক নাৰীৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই আইনগতভাৱে সৰ্বাধিক গুৰুত্বপূৰ্ণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















