ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালিত হয় মহাশিৱৰাত্ৰি৷ এইদিনটোত মহাদেৱ আৰু পাৰ্বতী বিবাহ বন্ধনত আৱদ্ধ হৈছিল৷ আগন্তুক ২৬ ফেব্ৰুৱাৰীত পালিত হ’ব মহাশিৱৰাত্ৰি৷ শিৱভক্তসকলৰ ওচৰত এই দিনটোৰ বিশেষ মাহাত্ম্য আছে৷ দিনজুৰি নিৰ্জলা উপবাস ৰাখি নিশা জাগি শিৱপূজা কৰে বহু ভক্তই৷ এই দিনটোত মহাদেৱৰ ৰুদ্ৰাভিষেক কৰা হয়৷ মহাশিৱৰাত্ৰিত সকলো বিধি মানি দেবাদিদেৱৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদত সকলো দুঃখ কষ্টৰ পৰা মুক্তি পোৱা যায়৷
মহাশিৱৰাত্ৰিৰ চাৰি প্ৰহৰৰ পূজা
পঞ্জিকা অনুসৰি ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১ বাজি ৮ মিনিটত পৰিব ফাল্গুনী কৃষ্ণা চতুৰ্দশী তিথি৷ চতুৰ্দশী তিথি থাকিব ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৮ মিনিট পৰ্যন্ত৷ মহাশিৱৰাত্ৰিৰ পূজা যিহেতু নিশা হয় সেয়ে ২৬ ফেব্ৰুৱাৰীৰ নিশাও মহাদেৱৰ আৰাধনা চলিব৷
পূজাৰ সময়
২৬ ফেব্ৰুৱাৰীৰ নিশা ১২ বাজি ৯ মিনিটৰ পৰা নিশা ১২ বাজি ৫৯ মিনিট পৰ্যন্ত চলিব নিশিতা কাল৷
প্ৰথম প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰী সন্ধিয়া ৬বাজি ১৯ মিনিটৰ পৰা নিশা ৯বাজি ২৬ মিনিট পৰ্যন্ত৷
দ্বিতীয় প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ২৬ মিনিটৰ পৰা নিশা ১২ বাজি ৩৪ মিনিট পৰ্যন্ত৷
তৃতীয় প্ৰহৰৰ পূজা হ’ব নিশা ১২ বাজি ৩৪ মিনিটৰ পৰা নিশা ৩ বাজি ৪১ মিনিট পৰ্যন্ত৷
চতুৰ্থ প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰীৰ নিশা ৩ বাজি ৪১ মিনিটৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৬ বাজি ৪৮ মিনিট পৰ্যন্ত৷
জলাভিষেকৰ শুভ সময়
মহাশিৱৰাত্ৰিত মহাদেৱৰ জলাভিষেক কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই দিনটোত পুৱা ৬ বাজি ৪৭ মিনিটৰ পৰা পুৱা ৯ বাজি ৪২ মিনিটৰ মাজত জলাভিষেক কৰক৷ ইয়াৰ পাছত পুৱা ১১ বাজি ৬ মিনিটৰ পৰা দিনৰ ১২ বাজি ৩৫ মিনিটৰ ভিতৰত শিৱলিংগত আকৌ জলাভিষেক কৰিব পাৰে৷ ইয়াৰপাছতেই জলাভিষেকৰ সময় আছে বিয়লী ৩ বাজি ২৫ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ৮ মিনিট পৰ্যন্ত৷ মহাশিৱৰাত্ৰিত শেষ জলাভিষেক কৰিব পাৰিব নিশা ৮ বাজি ৫৪ মিনিটৰ পৰা নিশা ১২ বাজি ১ মিনিট পৰ্যন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ