আজি মহাশিৱৰাত্ৰী, লগতে মহাকুম্ভৰ অন্তিম স্নান, পুৱাতেই ৪১ লাখ লোকে কৰিলে স্নান
আজি এক মহান দিন, মহা যোগ, এফালে মহাশিৱৰাত্ৰী আনফালে মহাকুম্ভ। আজি ২৬ ফেব্ৰুৱাৰী তাৰিখে মহাকুম্ভৰ অন্তিম দিনটোও পৰিছে। আজিৰ দিনটোত পুৱাৰে পৰা ভক্তৰ লানি নিছিগা লাইন। পাপ খণ্ডনৰ নিমিত্তে আজি অন্তিম স্নান পৰ্ব।
ইতিমধ্যে আজি পুৱাৰে পৰা ৪১ লাখ ভক্তই স্নান কৰিলে। বৰ্তমানেও অব্যাহত আছে স্নান পৰ্ব। কিছু সময় পাছত নগা সাধু সকলৰ অমৃত স্নান আৰম্ভ হব।
১৩ জানুৱাৰী পুহ মাহৰ পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা দিনটোৰে পৰা আজি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ অন্তিম দিনটোৰ মুঠ ৪৪ দিনত বৰ্তমানলৈ মহাকুম্ভত ৬৫ কোটি ভক্তই স্নান কৰে।
আজিৰ দিনটোতো ত্ৰিবেনী ঘাটত কমেও ২ কোটি ভক্তৰ আগমণ হোৱাৰ সম্ভৱনা। সেই হিচাপেও সাজু হৈ উঠিছে মহাকুম্ভৰ থলী। মান্যতা অনুসৰি এই মহাকুম্ভৰ থলীত স্নান কৰিলে পাপ খণ্ডল হোৱাৰ লগতে মুক্তি পোৱা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















