বৃহস্পতি আৰু মহাকুম্ভৰ মহত্ব
পৃথিৱীৰ সুৰক্ষাত বৃহস্পতিৰ ভূমিকাঃ
বৃহস্পতিৰ মধ্যাকৰ্ষণ বলে উল্কাপিণ্ডকে ধৰি মহাকাশৰ অন্যান্য সামগ্ৰীসমূহক পৃথিৱীৰ পৰা আঁতৰাই ৰাখে। এয়া নহ’লে আমাৰ পৃথিৱীখন বসবাসৰ বাবে উপযোগী হৈ নাথাকিলহেঁতেন৷। বৃহস্পতিৰ বিশাল আকাৰ আৰু অত্যাধিক মধ্যাকৰ্ষণ বলে পৃথিৱীৰ বাবে এক সুৰক্ষাকবচৰ দৰে কাম কৰে। মহাকাশত থকা উল্কাপিণ্ড আৰু ধূমকেতুসমূহক নিজৰ ফালে আকৰ্ষিত কৰি পৃথিৱীৰ সৈতে খুন্দা খোৱাত বাধা দিয়ে। বৃহস্পতি অবিহনে পৃথিৱীত বহুতো উল্কাপিণ্ড পৰিলহেঁতেন আৰু পৃথিৱীখন বসবাসৰ বাবে অনুপযোগী হৈ পৰিলহেঁতেন। বৃহস্পতিয়ে পৃথিৱীৰ প্ৰাকৃতিক সুৰক্ষা প্ৰণালীৰ দৰে কাম কৰাটো আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে।
মহাকুম্ভ আৰু বৃহস্পতিৰ সম্বন্ধঃ
বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান হৈছে মহাকুম্ভ মেলা। প্ৰতি ১২ বছৰৰ অন্তত প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জেইন আৰু নাছিকত উদযাপন কৰা হয় মহাকুম্ভ মেলা। সূৰ্যৰ চাৰিওপিনে এপাক ঘূৰিবলৈ বৃহস্পতিয়ে পৃথিৱীৰ হিচাপত সময় লয় ১২ বছৰ। প্ৰাচীন ভাৰতীয় ঋষি-মুণিয়ে বৃহস্পতিৰ প্ৰভাৱ আৰু ইয়াৰ আধ্যাত্মিক মহত্বৰ আধাৰত এই সময়খিনিৰ অন্তৰালত মহাকুম্ভৰ দৰে ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰিছিল। বৃহস্পতিক গুৰু বুলি কোৱা হয়। যাৰ অৰ্থ হৈছে মাৰ্গ দৰ্শক আৰু জ্ঞানৰ সোঁত৷
বৃহস্পতিৰ ১২ বৰ্ষীয় চক্ৰ আৰু মহাকাশঃ
সূৰ্যৰ চাৰিওদিশ এবাৰ প্ৰদক্ষিণ কৰিবলৈ পৃথিৱীৰ হিচাপত বৃহস্পতিয়ে লয় ১২ বছৰৰ সময়। এই ১২ বৰ্ষৰ চক্ৰ হিন্দু কেলেণ্ডাৰ আৰু জ্যোতিষ পৰম্পৰাত এক মহত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। মহাকুম্ভৰ আয়োজন জ্যোতিষ স্থিতি অনুসৰি বৃহস্পতি, সূৰ্য আৰু চন্দ্ৰৰ আধাৰত কৰা হয়। যিয়ে এই সময়খিনিক অত্যন্ত শুভ হিচাপে মাণ্যতা প্ৰদান কৰে।
আধ্যাত্মিকতা আৰু বিজ্ঞানঃ
মহাকুম্ভ মেলা ব্ৰহ্মাণ্ডৰ শক্তিৰ লগতে গ্ৰহসমূহৰ ক্ষমতাৰ সৈতে থকা আমাৰ আধ্যাত্মিক সম্পৰ্কৰ প্ৰতীক। প্ৰাচীন কালৰে পৰাই মহাকুম্ভৰ জৰিয়তে বৃহস্পতিৰ প্ৰতি আভাৰ জনাই অহা হৈছে যে আমাৰ জীৱনৰ সুৰক্ষা সুনিশ্চিত কৰি আহিছে। আজিৰ সময়ত আধুনিক বিজ্ঞানে এই পৰম্পৰাৰ অন্তৰ্গত থকা জ্যোতিষ কাৰণসমূহ প্ৰমাণিত কৰিছে। ইয়ে স্পষ্ট কৰে যে প্ৰাচীন ভাৰতীয় জ্ঞান কিমান গভীৰ আৰু বিজ্ঞানভিত্তিক আছিল।
মহাকুম্ভৰ আনুষ্ঠানিকতা আৰু ব্ৰহ্মাণ্ডৰ দৃষ্টিকোণঃ
মহাকুম্ভৰ সময়ত লাখ লাখ লোকে তিনি পৱিত্ৰ নদী- গংগা, যমুনা আৰু সৰস্বতীৰ সংগমত স্নান কৰে। আধ্যাত্মিক শুদ্ধিৰ লগতে ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে থকা আত্মিক সম্বন্ধৰ প্ৰতীক এই স্নান৷ প্ৰাকৃতিক তত্ত্ব আৰু আমাৰ জীৱনক প্ৰাণ দিয়া গ্ৰহসমূহৰ প্ৰতি কৃতজ্ঞতা প্ৰদানৰ উদ্দেশ্য আয়োজন কৰা হয় মহাকুম্ভ মেলা।
গুৰু বৃহস্পতিঃ
বৈদিক পৰম্পৰা অনুসৰি বৃহস্পতি হৈছে দেৱগুৰু। অৰ্থাৎ, দেৱতাসকলৰ শিক্ষক। বৃহস্পতি হৈছে জ্ঞান, মাৰ্গদৰ্শন আৰু সুৰক্ষাৰ প্ৰতীক। বৃহস্পতিৰ বিশাল আকাৰ আৰু স্থিৰতাই ইয়াক সৌৰজগতৰ ৰক্ষক গ্ৰহ হিচাপে স্বীকৃতি দিয়াৰ লগতে আমাৰ জীৱনক বৈজ্ঞানিক আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও সুৰক্ষিত কৰি ৰাখে।
সাৰাংশঃ
মহাকুম্ভ মেলা আৰু বৃহস্পতি গ্ৰহৰ ১২ বৰ্ষীয় চক্ৰৰ সম্বন্ধ প্ৰাচীন ভাৰতীয় জ্ঞানৰ এক অদ্ভুত উদাহৰণ। বৃহস্পতিয়ে কেৱল পৃথিৱীক ৰক্ষা কৰাই নহয় এগৰাকী মাৰ্গদৰ্শক আৰু ৰক্ষকৰ ৰূপত বৃহস্পতিক পূজা কৰা হয়। এই পৰম্পৰাই বিজ্ঞান আৰু আধ্যাত্মিকতাৰ অদ্ভুত সংগমক প্ৰতিনিধিত্ব কৰাৰ লগতে অতিকৈ সমবৃদ্ধিশালী প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ গভীৰ জ্যোতিৰ্বিজ্ঞানৰ জ্ঞানকো প্ৰমাণিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ