দুৰ্গাপূজা ২০২৫ পাৰ হলেই কন্যা ৰাশিত শুক্ৰই প্ৰৱেশ কৰিব৷ বৈদিক জ্যোতিষ গণনা অনুসৰি ৯ অক্টোবৰ ২০২৫ চনত কন্যা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দুৰ্গাপূজা ২ অক্টোবৰ শেষ হওঁতেই এই যোগ৷ এই স্থানৰ পৰা কন্যা ৰাশিত শুক্ৰৰ গোচৰৰ ফলত বহু ৰাশিয়ে লাভ পাব৷ লাকী ৰাশি কি কি?
বৃশ্চিক ৰাশি
শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ আয় আৰু লগ্নিৰ স্থানত আছে৷ এই সময়ত আয়ত ব্যাপক লাভ হব৷ আয়ৰ নতুন নতুন ৰাস্তা তৈয়াৰ হব৷ আপুনি কৰ্মক্ষেত্ৰত উচ্চপদ প্ৰাপ্ত কৰিব পাৰে৷ আপুনি সামাজিক দিশৰ পৰাও লাভ পাব৷ সামাজিক দিশৰ পৰা অন্যৰ মাজত জনপ্ৰিয়ও হব৷ এই সময়ত সন্তানৰ উন্নতি হব৷ শ্বেয়াৰ বজাৰ, লটাৰীত লাভ পাব৷
সিংহ ৰাশি
শুক্ৰই আপোনাৰ গোচৰ কুণ্ডলীত ধন আৰু বাণীৰ ভাৱত সঞ্চৰণ কৰিছে৷ এই সময়ত আপোনাৰ ৰৈ থকা টকা হাতলৈ আহিব৷ আপোনাৰ কথাৰ প্ৰভাৱ বাঢ়িব৷ আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ দাম্পত্য জীৱনলৈ ভাৰসাম্য আহিব৷ আপোনাৰ পাৰিবাৰিক সুখ এই সময়ত আহিব৷ পৰিয়ালত কোনো নতুন সদস্য আহিব পাৰে৷ আপোনাৰ ব্যক্তিত্বত ভাল কিছু পৰিবৰ্তন আহিব৷
ধনু ৰাশি
এই গোচৰ আপোনাৰ ৰাশিৰ কৰ্মস্থানত হব৷ আপোনাৰ কামৰ দিশৰ পৰা এই সময় খুবেই ভাল হব৷ বহু চাকৰিহীনে এই সময়ত চাকৰি লাভ কৰিব পাৰে৷ যিসকল ব্যৱসায়ী তেওঁলোকে আৰ্থিক দিশৰ পৰা সমৃদ্ধ হব পাৰে৷ যিসকলে চাকৰি কৰিছে তেওঁলোকে কোনো উচ্চ পদ পাব পাৰে৷ এই সময়ত আপুনি কোনো উচ্চ পদ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















