অসম লাইভ ২৪ঃ দেশত ভয়ংকৰ ৰূপ লৈছে ক’ৰোনাৰ দ্বিতীয় লহৰে। প্ৰতিদিনে অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। মহাৰাষ্ট্ৰৰ অনিয়ন্ত্ৰিত কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ দিনৰ বাবে জনতা কাৰ্ফিউ জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। বুধবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে জনতা কাৰ্ফিউ। ১৪ এপ্ৰিলৰ নিশা ৮ বজাৰ পৰা ১ মে’ৰ পুৱা ৭ বজালৈ ৰাজ্যজুৰি বলবৎ থাকিব ১৪৪ ধাৰা। এই সময়ছোৱাত কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বাছ সেৱা, স্থানীয় ৰে’ল আৰু বেংক সেৱাৰ বাদে বন্ধ থাকিব সকলো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ