ফাগুণ মাহৰ কৃষ্ণ চতুৰ্দশীত দেশৰ লগতে অসমতো মহাশিৱৰাত্ৰি পালন কৰা হয়।
এইবাৰ মহাশিৱৰাত্ৰি ১ মাৰ্চত মঙলবাৰে পৰিছে৷ হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত ভগৱান শিৱই পাৰ্বতীৰে বিবাহপাশত আৱদ্ধ হৈছিল। এই তিথিটো শিৱ ভক্তসকলে ভগৱান শংকৰৰ ভক্তিত বিলীন হৈ থাকে। এই বছৰৰ মহাশিৱৰাত্ৰি এই চাৰিটা ৰাশিৰ জাতক–জাতিকাৰ বাবে অতি বিশেষ হ’ব।
মেষ ৰাশি : মেষ ৰাশিৰ লোকৰ ওপৰত এইবাৰ ভগৱান শিৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। শিৱৰ কৃপা দৃষ্টিৰ বাবে তেওঁলোকে সকলো কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে৷ তেওঁলোকে নতুন চাকৰি পোৱাৰ যোগ আছে৷ লগতে ধন উপাৰ্জন আৰু সঞ্চয়ো কৰিব পাৰিব৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : আমেৰিকা-ব্ৰিটেইন আদিৰ তুলনাত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ কিমান?
সিংহ ৰাশি : মহাশিৱৰাত্ৰিত সিংহ ৰাশিৰ লোকৰ বাবেও অতি শুভ হ’ব। এই ৰাশিৰ ইচ্ছুকসকলে বিদেশত চাকৰি কৰাৰ সপোন পূৰণ হ’ব পাৰে। সম্পৰ্ক ভাল হোৱাৰ লগতে কৰ্মস্থলীতো সুফল পাব। সিদ্ধি নোহোৱা কামবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা আছে।
তুলা ৰাশি : তুলা ৰাশিৰ লোকৰ বাবেও মহাশিৱৰাত্ৰি অতি শুভ হ’ব। চাকৰিত পদোন্নতি আশা আছে৷ সিদ্ধি নোহোৱা কাম সিদ্ধি হ’ব পাবলৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।
মকৰ ৰাশি : মকৰ ৰাশিৰ লোকৰ বাবেও মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ বিশেষ কৃপা থাকিব। ভগৱান শিৱৰ আশীৰ্বাদত তেওঁলোকৰ সকলো কাম সমাধান হোৱাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ