হিন্দু ধৰ্মত ভগৱান শিৱৰ পূজাৰ বিশেষ তাৎপৰ্য আছে। কোৱা হয় ভগৱান শিৱৰ আৰাধনা কৰিলে সমস্ত দুখ কষ্ট দূৰ হয়। ভগৱান শিৱক সুখী কৰিবলৈ মৌ, চন্দন, গাখীৰ, বেলপাত, আদি শিৱলিংগত অৰ্পণ কৰা হয়। কিন্তু বহু সময়ত ভগৱান শিৱক সুখী কৰিবলৈ শিৱভক্তসকলে কেইটামান বিশেষ কাম কৰিব পাৰে। জ্যোতিষশাস্ত্ৰত এনে কিছু কথা উল্লেখ আছে যিসমূহ শিৱ পূজাত মানি চলিব লাগে। ভুলবশতো শিৱলিংগত কেইবিধমান বস্তু অৰ্পণ কৰিব নালেগে।
শিৱলিংগত এই কেইপদ সামগ্ৰী অৰ্পণ নকৰিব
হালধি
জ্যোতিষ শাস্ত্ৰ অনুসৰি ভুলবশতো শিৱলিংগত হালধি অৰ্পণ কৰা উচিত নহয়। শাস্ত্ৰ অনুসৰি শিৱলিংগত পুৰুষ উপাদানৰ প্ৰতীক। হালধি নাৰীৰ সৈতে সম্পৰ্কিত। সেইবাবেই ভুলবশতো শিৱলিংগত হালধি অৰ্পণ কৰিব নালাগে।
সেন্দুৰ বা কুমকুম
ভুলবশতো শিৱলিংগত সেন্দুৰ বা কুমকুম ইত্যাদি অৰ্পণ কৰিব নালাগে। হিন্দু নাৰীয়ে তেওঁলোকৰ স্বামীৰ দীৰ্ঘায়ু কামনাৰে শিৰত সেন্দুৰ লয়। ভগৱান শিৱ যেনেদৰে শান্ত সমাহিত ঠিক তেনেদৰে শিৱ ধ্বংসৰো দেৱতা। সেয়ে শিৱক কাহানিও সেন্দুৰ অৰ্পণ কৰিব নালাগে। ইয়াৰ পৰিবৰ্তে কিন্তু শিৱপূজাত চন্দনৰ তিলক লগোৱাটো শুভ।
শঙ্খ ব্যৱহাৰ নকৰিব
ধৰ্মীয় কিংবদন্তী অনুযায়ী ভগৱান শিৱই শঙ্খচূড় নামেৰে এটা ৰাক্ষক বধ কৰিছিল। আৰু সেই অসুৰৰ প্ৰতীক হিচাপেই শঙ্খক ধৰা হয়। সেয়ে ভগৱান শিৱ আৰু শিৱলিংগত কাহানিও শঙ্খ ব্যৱহাৰ কৰা উচিত নহয়।
তুলসী পাত
ভুলবশতো শিৱপূজাত তুলসী পাত ব্যৱহাৰ কৰিব নালাগে। শিৱপুৰাণ অনুসৰি ভগৱান শিৱই শিৱ জলন্ধৰ নামৰ এটা ৰাক্ষসকো বধ কৰিছিল। সেই সময়ত জলন্ধৰে এটা বৰ পাইছিল যে তেওঁৰ স্ত্ৰীৰ পবিত্ৰতাৰ কাৰণে কোনোৱে তেওঁক হৰুৱাব নোৱাৰিব। কিন্তু জলন্ধৰক হত্যা কৰোতে ভগৱান বিষ্ণুয়ে তেওঁৰ স্ত্ৰী তুলসীৰ সত্বীত্ব ভংগ কৰিছিল। সেই সময়ক মৃত স্বামীৰ মৃত্যুত ক্ৰুব্ধ হৈ তুলসীক ভগৱান শিৱই নাকচ কৰে। সেয়ে তুলসী শিৱ পূজাত ব্যৱহাৰ কৰা নহয়।
কেতেকী আৰু পদুম ফুল
জ্যোতিষ শাস্ত্ৰ অনুসৰি ভুলবশতো শিৱলিংগত কেতেকী ফুল অৰ্পণ কৰিব নালাগে। একেদৰে পদুম ফুলো শিৱপূজাত কাহানিও দিব নালাগে। একাংশৰ লোকবিশ্বাস মতে শিৱলিংগত ৰঙা ৰঙৰ ফুল অৰ্পণো সঠিক কথা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ