মহাদেৱ সম্পৰ্কে কোৱা হয়, তেওঁ এটা বেলপাততেই সন্তুষ্ট হয়৷ মহাদেৱৰ পূজাত খুবেই সামান্য উপকৰণৰ প্ৰয়োজন৷ কিন্তু কেইবিধমান উপকৰণ অবিহনে শিৱপূজা সম্পূৰ্ণ নহয়৷ শিৱ পুৰাণ অনুসৰি বেলপাতৰ তিনিখন পাতেই মানুহৰ তিনি গুণক বুজায়৷ এই তিনি গুণ হৈছে সত্ত্ব, তমঃ, ৰজঃ৷ বেলপাতৰ তিনিখন পাতক ত্ৰিদেৱ, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷
মহাশিৱৰাত্ৰিত কেনেকৈ বেলপাত দিব?
আগন্তুক ২৬ ফেব্ৰুৱাৰীত পালিত হ’ব মহাশিৱৰাত্ৰি৷ মহাদেৱৰ পূজাৰ বাবে সকলোতকৈ উপযুক্ত এই দিনত বেলপাত ব্যৱহাৰ কৰিলে জীৱনৰ সকলো সংকট দূৰ হয়৷
বেলগছ
বেলগছ মহাদেৱৰ বাস৷ মহাশিৱৰাত্ৰিত ক্ষীৰ আৰু ঘি দি বেলগছৰ পূজা কৰক৷ ইয়াৰ ফলত মহাদেৱৰ ওপৰিও মহালক্ষ্মীৰ আশীৰ্বাদ পাব৷ বিলাসিতাৰ সৈতে জীৱন পাৰ হ’ব আপোনাৰ৷ টকাৰ অভাৱত কোনো কামেই ৰৈ নাযাব৷ ইয়াৰোপৰি মহাশিৱৰাত্ৰিত ঘৰৰ উত্তৰ দক্ষিণ দিশত বেলগছ ৰুৱক৷
প্ৰদীপ
মহাশিৱৰাত্ৰিত সন্ধিয়া বেলগছৰ তলত এটা প্ৰদীপ জ্বলাওক৷ ইয়াৰ সৈতে ফুল আৰু সেন্দুৰ নিবেদন কৰক৷ ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সমৃদ্ধি আহিব৷ ইয়াৰ ফলত তুষ্ট হ’ব মহাদেৱ আৰু আপোনাৰ মনৰ সকলো ইচ্ছা তেওঁ পূৰণ কৰিব৷
আলমাৰি
মহাশিৱৰাত্ৰিত মহাদেৱক নিবেদন কৰা বেলপাত আলমাৰি বা চন্দুক য’ত টকা পইছা ৰাখে তাতেই ৰাখক৷ তাৰপূৰ্বে চন্দন দি এই বেলপাতৰ ওপৰত লিখক ঔম নমহঃ শিবায়৷ ইয়াৰ ফলত আৰ্থিক সংকট দূৰ হ’ব৷ কৰোবাত ৰৈ থকা টকাও উভতি আহিব৷ ইয়াৰ ফলত জীৱনত কেতিয়াও অৰ্থাভাৱ নাহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















