হিন্দু পঞ্জিকাত মকৰ সংক্ৰান্তিৰ বিশেষ তাৎপৰ্য আছে৷ এই উৎসৱ পালিত হয় যেতিয়া সূৰ্যদেৱে ধনু ৰাশি ত্যাগ কৰি শনিৰ ৰাশি মকৰত প্ৰৱেশ কৰিছে৷ এই সৌৰ গোচৰ ১৪ জানুৱাৰী বুধবাৰে ঘটিব৷ যাৰ বাবে এই দিনটোত দেশজুৰি পবিত্ৰ মকৰ সংক্ৰান্তিৰ উৎসৱ পালিত হ’ব৷ এই শুভ উৎসৱ উপলক্ষে ভক্তই পুৱাই পবিত্ৰ নদীত স্নান কৰে আৰু সূৰ্যদেৱ আৰু মা গংগাৰ পূজা কৰে৷ বিশ্বাস কৰা হয় যে এই দিনটোত স্নান আৰু দান অত্যন্ত ফলপ্ৰসূ হয়৷
বিশ্বাস অনুসৰি মকৰ সংক্ৰান্তিত সূৰ্যদেৱৰ উপাসনা কৰিলে শৰীৰে শক্তি পায় আৰু সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ আশীৰ্বাদ লাভ কৰে৷ এই কাৰণেই এই দিনটোত দান, তপস্যা আৰু সেৱামূলক কৰ্মৰ বিশেষ গুৰুত্ব দিয়া হয়৷ এই বছৰ মকৰ সংক্ৰান্তিক অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ এই দিনটোত সূৰ্যৰ শনিৰ ৰাশিত প্ৰৱেশ নিৰ্দিষ্ট কিছু ৰাশিৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব পাৰে৷ বিশ্বাস কৰা হয় যে এই দিনটোত ন্যায়ৰ দেৱতা শনিয়ে কিছু ৰাশিৰ ওপৰত নিজৰ বিশেষ আশীৰ্বাদ বৰ্ষণ কৰিব৷ যিয়ে স্থগিত কামসমূহ সম্পন্ন কৰাত সহায় কৰিব৷ জানি থওক সেই ভাগ্যবান ৰাশিসমূহ কি কি?
মেষ ৰাশি
মকৰ সংক্ৰান্তিয়ে মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ শনিদেৱৰ আশীৰ্বাদত আপোনাৰ মনত সুখ থাকিব আৰু আপোনাৰ জীৱনত এক নতুন দিশা আহিব৷ আপুনি বিনিয়োগ বা ভৱিষ্যতৰ পৰিকল্পনা কৰিলে গুৰুত্বসহকালে চিন্তা কৰিব পাৰে৷ ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি দান কৰাৰ সুযোগ পাব৷ আয়ৰ নতুন পথ খোলাৰ সম্ভাৱনা আছে৷ এই সময়ত আপোনাৰ কথা নিয়ন্ত্ৰণ কৰা আৰু খং এৰাই চলা উচিত৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে পূৰ্ণ ফল লাভৰ সম্ভাৱনা আছে৷ মকৰ সংক্ৰান্তিত কলা সামগ্ৰী দান কৰিলে উপকাৰ পাব৷
তুলা ৰাশি
মকৰ সংক্ৰান্তিয়ে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ফল কঢ়িয়াই আনিছে৷ শনিদেৱৰ আশীৰ্বাদত আৰ্থিক লাভ সম্ভৱ৷ বিশেষকৈ পৰিয়াল বা শহুৰেকৰ ঘৰৰ পৰা সহায়তা পাব৷ সম্পত্তি সংক্ৰান্তিয় বিষয়ত সু সংবাদ আহিব পাৰে৷ চাকৰিয়ালে এই সময়ত অনুকূল ফল পাব আৰু ভাগ্য তেওঁলোকৰ পক্ষত থাকিব৷ আপুনি ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সচেতন সিদ্ধান্ত ল’বলৈ সক্ষম হব৷ অলসতাৰ পৰা দূৰৈত থকাটো গুৰুত্বপূৰ্ণ৷ এই দিনটোত কেঁচা গাখীৰ বা গংগাজলৰ সৈতে কলা তিল মিহলাই শিৱলিংগত নিবেদন কৰা শুভ বুলি ধাৰণা কৰা হয়৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ অধিপতি হৈছে শনিদেৱ৷ আৰু আৰাধ্য দেৱতা ভগৱান শিৱ৷ এই নতুন সুযোগ আৰু শুভ ফলাফল কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হ’ব পাৰে৷ আপোনাৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনলৈ স্থিতিশীলতা আহিব৷ শনিদেৱৰ আশীৰ্বাদত আপোনাৰ জীৱনত ইতিবাচক পৰিবৰ্তনে দেখা দিব আৰু সমস্যাসমূহ ধীৰে ধীৰে অদৃশ্য হৈ পৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















