ডিজিটেল ডেস্কঃ মলাইকাৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ পাছতে পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা চলমানৰ ভাতৃ আৰবাজ খানক লৈ চৰ্চা অব্যাহত আছে। ৰবীনা টেণ্ডনৰ মেকআপ আৰ্টিষ্ট চুৰা খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা আৰবাজ খানে ইতিমধ্যে বিয়াৰ সকলো ফটো ৰাজহুৱা কৰিছে। বিয়া হৈ যোৱাৰ পাছতে এতিয়া আন এক বিষয় পুনৰ চৰ্চালৈ আহিছে। সেয়া হ’ল, আৰবাজৰ বিয়াত প্ৰথমা পত্নী মলাইকা আৰোৰাই দিয়া উপহাৰ।
আৰবাজৰ বিয়াৰ দিনা নিজে উপস্থিত নাথাকিলেও পুত্ৰৰ হাতত আৰবাজলৈ উপহাৰ পঠাইছিল মলাইকাই। পূৰ্বৰ স্বামীৰ নতুন পত্নীলৈ মালাইকাই প্ৰায় ৮লাখ টকাৰ এডাল হীৰাৰ চেইন উপহাৰ হিচাপে পঠাই দিছিল। অৱশ্যে মলাইকাই আৰবাজ খানলৈ কোনো বিশেষ উপহাৰ নপঠালেও তেওঁৰ পত্নী চুৰা খানৰ বাবে এই বিশেষ উপহাৰটিৱে বিশেষ চৰ্চা লাভ কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, আৰবাজ খানৰ বিয়াত ভাতৃ চলমান খানেও এটা বিশেষ উপহাৰ দিছে। দুয়ো নৱ দম্পত্তীক এটা ফ্লেট চলমান খানে উপহাৰ দিয়া বুলি চৰ্চিত হৈছে। ইফালে বিয়াত সমবেত হোৱা বহু ঘনিষ্ঠ বন্ধুয়েও দামী-দামী উপহাৰ দিছে আৰবাজক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ