ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ নেতাসমূহৰ মাজত আৰম্ভ হৈছে কথাৰ কটাকটি। প্ৰতিটো দলৰ নেতাসকলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলক। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ অহা আৰ এছ এছ প্ৰধান মোহন ভাগৱতক লৈ মন্তব্য কৰিছে প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰ পি শৰ্মাই।
মোহন ভাগৱতৰ অসম ভ্ৰমণৰ সন্দৰ্ভত আৰ পি শৰ্মাই কয় যে, RSS প্ৰধান মোহন ভাগৱতৰ অসম ভ্ৰমণে কোনো প্ৰভাৱ নেপেলাই কংগ্ৰেছক। অসম তথা ভাৰতবৰ্ষত কংগ্ৰেছৰ জয় নিশ্চিত। আনহাতে বিজেপিক কটাক্ষ কৰি শৰ্মাই কয় যে, নতুন বিজেপিয়ে সংগঠন কৰিবলৈ অহা নাই চলাইছে মাত্ৰ চিণ্ডিকেটৰাজ। পুৰণা বিজেপি সদস্য সকলৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা। লাঞ্চিত হৈ বহি আছে ঘৰতে। বিজেপি চৰকাৰৰ কাৰ্যকালত এফালৰ পৰা ধংস হৈছে উদ্যোগ প্ৰতিষ্ঠান সমূহ । ঋণ লৈ চলা বিজেপি চৰকাৰৰ ভৱিষৎ মাথো অন্ধকাৰ।
উল্লেখ কৰা প্ৰয়োজন যে, ২৮ ডিচেম্বৰত তেজপুৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই। ইফালে অসম ভ্ৰমণলৈ অহা আৰ এছ এছ প্ৰধান মোহন ভাগৱতেও বিভিন্ন সাংগাঠনিক কামত কাম কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ