ডিজিটেল ডেস্কঃ বেয়া দিন চলিছে বলিউদৰ মোহময়ী নায়িকা মালাইকা আৰোৰাৰ। বিবাহ বিচ্ছেদ হোৱাৰ পাছত স্বামী আৰবাজ খানে ৭বছৰৰ পাছত বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত এইবাৰ প্ৰেমিক অৰ্জুন কাপুৰেও এৰিলে মালাইকাৰ হাত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি, ২০২৩ৰ অক্টোবৰ মাহতে দুয়োৰে মাজত সম্পৰ্ক একেবাৰে শেষ হৈছে। এতিয়া অন্য এগৰাকী যুৱতীৰ সৈতে অৰ্জুন কাপুৰ সম্পৰ্কত আছে বুলি চৰ্চা হৈছে।
Zoomত প্ৰকাশিত খবৰ অনুসৰি, মালাইকা-অৰ্জুনৰ ব্ৰেকআপৰ আঁৰৰ কাৰন এতিয়াও স্পষ্ট হোৱা নাই। সংবাদমাধ্যমৰ আগত দুয়োগৰাকীয়ে উক্ত বিষয়টোক লৈ একো মন্তব্য নিদিলেও বিষয়টো খণ্ডনো কৰা নাই। আনহাতে অৰ্জুন-মালাইকাৰ ঘনিষ্ঠ সূত্ৰই সদৰি কৰা অনুসৰি, প্ৰেমৰ সম্পৰ্ক শেষ কৰিলেও দুয়োৰে মাজত যাতে ভুল বুজাবুজি নহয় তাৰ প্ৰতিও দুয়ো সচেতন।
উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে মালাইকাৰ প্ৰথম স্বামী আৰবাজ খানৰ দ্বিতীয় বিবাহ সম্পন্ন হৈছে। পৰিয়ালৰ লোকৰ উপস্থিতিত সম্পন্ন হোৱা এই বিবাহ অনুষ্ঠানত উপস্থিত আছিল আৰবাজ-মালাইকাৰ সন্তানো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ