অসম লাইভ২৪ঃ আৰবাজ খানৰ সৈতে মালাইকা আৰোৰাৰ বিবাহ বিচ্ছেদৰ কেইবা বছৰো সম্পূৰ্ণ হৈছে৷ কিন্তু সৌজন্যৰ সম্পৰ্ক এতিয়াও বজায় ৰাখিছে দুয়োৱে৷ এই সম্পৰ্ক বৰ্তাই ৰখাৰ অন্যতম কাৰণ হৈছে আৰহান৷ আৰহানৰ বাবেই মাজে মাজে দেখা-সাক্ষাৎ হয় মালাইকা-আৰবাজৰ৷
বিবাহ বিচ্ছেদৰ পাছৰে পৰাই খান উপাধীও নিজৰ নামৰ পৰা আঁতৰাই দিছে মালাইকাই৷ চিনেমাতকৈ বেছি এতিয়া মালাইকাক দেখা যায় টেলিভিছনৰ পৰ্দাত৷ বিভিন্ন ৰিয়েলিটি শ্ব’ৰ বিচাৰকৰ আসনত দেখা যায় মালাইকাক৷ ইয়াত কাম কৰি যিখিনি পাৰিশ্ৰমিক পায় সেইখিনিয়েই তেওঁৰ চলি থকাৰ সম্বল৷ কিন্তু তেওঁৰ লাইফষ্টাইল চলাই ৰাখিবলৈ এই ধনেই পৰ্যাপ্ত হোৱা নাই৷ যাৰবাবে শেহতীয়াকৈ নিজৰ পালি হিলছৰ ফ্লেটটো ভাড়ালৈ দিছে মালাইকা আৰোৰাই৷ এই ঘৰ ভাড়াত দিছে মুম্বাইৰ খ্যাতনামা পোছাকশিল্পী কছিচ হন্সক৷ মুম্বাইৰ অভিজাত এলেকা, যেনে বান্দ্ৰা, পালি হিলছত কেইবাটাও ফ্লেট আছে অভিনেত্ৰীৰ৷
তাৰেই এটা ফ্লেট ভাড়াত দিছে মালাইকাই৷ এই ফ্লেটৰ মাহিলি ভাড়া ডেৰ লাখ টকা বুলিও জনাইছে বলীউডৰ এক সূত্ৰই৷ পোছাকশিল্পীগৰাকীক তিনি বছৰৰ বাবে ভাড়া দিছে ফ্লেটটো৷ প্ৰতি বছৰে ৫শতাংশ কৈ বাঢ়িব ভাড়া৷ ইয়াৰোপৰি বান্দ্ৰাত যি ফ্লেট আছে সেয়াও ভাৰাত দিয়াৰ পৰিকল্পনা কৰিছে মালাইকাই বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ মালাইকাই নিজে যি ঘৰত থাকে সেই ঘৰৰ আনুমানিক মূল্য প্ৰায় ১৬ কোটি টকা৷ সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে আৰু এটা ফ্লেট ক্ৰয় কৰিছে যাৰবাবে নতুন ফ্লেটটোত থাকি পুৰণি ফ্লেট ভাৰাত দিয়াৰো পৰিকল্পনা কৰিছে অভিনেত্ৰীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ