স্বপ্নশাস্ত্ৰ জ্যোতিষশাস্ত্ৰৰ অন্য এক গুৰুত্বপূৰ্ণ শাখা। সপোনত আমি যি দেখো, সেই সমূহেই আমাৰ ভৱিষ্যৎ নিৰ্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। টোপনিত আমি সকলোৱেই সপোন দেখো। সেই সপোনে কিবা নহয় কিবা ইংগিত বহন কৰে। সকলো সপোনেই শুভ হয় তেনে নহয়। অশুভ সংকেতো কঢ়িয়াই আনে সপোনে। এনে বহু সপোন আছে যিসমূহ সাধাৰণভাৱে লোৱাটো অনুচিত। কি কি সপোনে শুভ বাৰ্তা কঢ়িয়াই?
১) স্বপ্নশাস্ত্ৰ অনুসৰি যদি আপুনি সপোনত হাতী দেখে, তেন্তে ই শুভ বাৰ্তা কঢ়িয়াই। সপোনত হাতী দেখাৰ অৰ্থ আপোনাৰ জ্ঞান আৰু বুদ্ধি বৃদ্ধি পাইছে। সপোনত হাতী দেখিলে বুজিব যে আপুনি লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিছে।
২) সপোনত যদি বৰষুণ হোৱা দেখে তেন্তে সেইয়া অত্যন্ত শুভ। সপোনত বৰষুণ দেখিলে বুজিব ভাল কোনো ঘটনা আপোনাৰ জীৱনত ঘটিব। ইয়াৰ অৰ্থ প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহি আছে। এই সপোন দেখাৰ কেইদিনমান পাছতেই আপুনি সম্পদ লাভ কৰিব। ইয়াৰোপৰি সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।
৩) জ্যোতিষশাস্ত্ৰমতে সপোনত নদী দেখাটো অত্যন্ত শুভ। নদীৰ বিশুদ্ধ পানী যদি সপোনত দেখিছে তেন্তে আপোনাৰ জীৱনত প্ৰচুৰ উন্নতি হোৱাটো খাটাং। ইয়াৰোপৰি লক্ষ্মীৰ কৃপাত আপোনাৰ হাতলৈ প্ৰচুৰ খ্যাতি আৰু অৰ্থ আহিব।
৪) সপোনত দেৱ দেৱী দেখা পোৱাটোও অত্যন্ত শুভ। আপুনি যদি সপোনৰ নিজৰ আৰাধ্য দেৱতাক দেখিছে তেন্তে বুজিব যে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। সপোনত নিজৰ গুৰুক দেখা পোৱাটোও শুভ। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা যাৱতীয় নিগেটিভিটি দূৰ হ’ব। যিয়ে এই সপোন দেখে তেওঁৰ সমাজত মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব।
৫) সপোনত শিৱলিংগৰ দৰ্শন পোৱাটো অত্যন্ত শুভ বুলি কোৱা হয়। যিসকলৰ ব্যক্তিয়ে সপোনত শিৱলিংগৰ দৰ্শন পায় তেওঁৰ জীৱনত সকলো সংকট দূৰ হয়। সপোনত শিৱলিংগ বা মহাদেৱৰ দৰ্শণ পালে বুজিব যে আপোনাৰ জীৱনলৈ সাফল্য আহি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ