অসম লাইভ ২৪ঃ ভেকচিন ল’বলৈ গৈয়ো বিতৰ্কত মুন্নী। মুন্নীৰ ইনষ্টাগ্ৰাম পোষ্টে এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। অনুৰাগীৰ ট্ৰ’লৰ সন্মুখীন হৈছে বলীউডৰ মুন্নী মালাইকা আৰোৰা। মালাইকা আৰু পোছাক বিতৰ্ক কোনো নতুন কথা নহয়, কিন্তু এইবাৰ ভেকচিন ল’বলৈ যাওঁতে পিন্ধা পোছাকৰ বাবে বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰীগৰাকী। পোছাক বিতৰ্কৰ বাবে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে মালাইকা আৰোৰাই। মঙলবাৰে কোভিড ভেকচিনৰ দ্বিতীয় ড’জ গ্ৰহণ কৰে অভিনেত্ৰী মালাইকাই। ফ্ৰণ্টলাইন কৰ্মীৰ সৈতে ভেকচিন গ্ৰহণ কৰাৰ সময়ৰ ফটো শ্বেয়াৰ কৰে ইনষ্টাগ্ৰামত। জিমৱেৰ পিন্ধি ভেকচিন গ্ৰহণ কৰিছিল মালাইকাই। ফটো শ্বেয়াৰ কৰাৰ লগে লগেই ট্ৰ’লৰ সন্মুখীন হয় অভিনেত্ৰী মালাইকা। ভেকচিন ল’বলৈ গৈছিল নে জিমলৈ গৈছিল বুলি ইমষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰে অনুৰাগীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ