অসম লাইভ ২৪ঃ মোবাইল ফোনৰ কেমেৰা প্লাষ্টাৰ কৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কাৰণ কেমেৰাৰ সহায়ত পেগাছাছ স্পাইৱেৰ জৰিয়তে মোদী চৰকাৰে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ জৰিয়তে কৰা চোৰাংচোৱাৰ বিৰুদ্ধে তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ক আৱেদন জনাইছে মমতা বেনাৰ্জীয়ে। সম্প্ৰতি পেগাছছ স্পাইৱে ছফটৱেৰক কেন্দ্ৰ কৰি ভাৰতীয় ৰাজনীতিত সৃষ্টি হৈছে ধুমুহাৰ। পেগাছাছৰ জৰিয়তে ইতিমধ্যে ৩০০ জন ভাৰতীয়ৰ ম’বাইল ফোন হেক কৰাৰ তালিকা প্ৰকাশ পাইছে। তাৰে ভিতৰত ৪০ জন সাংবাদিক, কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি ৰাহুল গান্ধী, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ৰাজনৈতিক চাণক্য স্বৰূপ প্ৰশান্ত কিশোৰ আদিৰ নাম সাঙুৰ খাইছে। গতিকে চোৰাংচোৱাগিৰি ৰোধৰ উদ্দেশ্যে এই পন্থা হাতত লৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কয়, ‘পেগাছাছ বিপদজ্জনক। মই মোৰ ফোন প্লাষ্টাৰ কৰিছো কাৰণ অডিঅ’ হওক বা ভিডিঅ’ সকলো ইয়াৰ জৰিয়তে টেপ কৰে’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ