বেংগালুৰুত গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত কৰ্ণাটক আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
মঞ্জুনাথ নামেৰে চিনাক্ত কৰা ৩৪ বছৰীয়া যুৱকজন মাণ্ডিয়া জিলাৰ মাদ্দুৰ নগৰৰ সমীপৰ গেজ্জ্জলাগেৰে গাঁৱৰ বাসিন্দা। চন্দ্ৰ লেআউট আৰক্ষীয়ে যুৱকজৰ এক বন্ধুৰ এজাহাৰৰ ভিত্তিত গৰুৰ সৈতে অপকৰ্মত লিপ্ত হৈ থকাৰ হৈ থকাৰ সময়তে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ মতে, অভিযুক্তজনে গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰাৰ বদ অভ্যাস গঢ়ি তুলিছিল৷ এই অভ্যাসৰ বাবে অভিযুক্ত যুৱকজনে নিজ গাঁৱৰ পৰা বেংগালুৰু বিশ্ববিদ্যালয়ৰ জ্ঞানভাৰতী চৌহদলৈ যায় আৰু বিশ্ববিদ্যালয়ৰ কেম্পাছৰ পথাৰত চৰি থকা গৰুবোৰক বিচ্ছিন্ন ঠাই অথবা জোপোহালৈ লৈ গৈ অপৰাধত লিপ্ত হয়।
লগতে পঢ়ক BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?
জানিব পৰা মতে যুৱকজনৰ এনে চেডিষ্টিক মানসিকতাৰ বাবেই পৰিয়ালে তেওঁক ঘৰৰ পৰা বহিষ্কাৰ কৰিছিল। ঘৰৰ পৰা এই অভ্যাসৰ বাবে বহিষ্কৃত হোৱাৰ পিছতে মঞ্জুনাথ নামৰ এই অভিযুক্ত যুৱকজনে বেংগালুৰুত বন্ধুৰ ঘৰত থাকিবলৈ লয়৷
বাংগালুৰুৰ বন্ধুৰ ঘৰত থকাৰ সময়ত অভিযুক্তই গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰাৰ সন্দেহ কৰিছিল বন্ধু শশীকুমাৰৰে৷ বন্ধু শশীকুমাৰৰ সন্দেহ উদ্ৰেক হোৱাৰ পিছৰে পৰা মঞ্জুনাথক গোপনে অনুসৰণ কৰি হাতে-লোটে ধৰা পেলাইছিল৷
ইয়াৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা হয় আৰু আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিতে জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্ত মঞ্জুনাথক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ